Sluice gate in Dhemaji:ধেমাজিত শ্লুইচ গেট নিৰ্মাণ হ’বলগীয়া অংশ পৰিদৰ্শন মন্ত্ৰী সঞ্জয় কিষাণৰ - ধেমাজি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-07-2023/640-480-19131330-thumbnail-16x9-sanjoy-kishan.jpg)
ধেমাজি, 29 জুলাই : ধেমাজি জিলাৰ জীয়াঢলৰ কুমটীয়া বাওঁপাৰৰ মথাউৰিত আগন্তুক দিনত শ্লুইচ গেট নিৰ্মাণ হ’বলগীয়া অংশ শনিবাৰে পৰিদৰ্শন কৰি বুজ লয় ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে ৷ উল্লেখ্য যে, এই মথাউৰিটো বিগত বছৰৰ পৰা পঞ্চাশ কোটি টকা ব্যয় সাপেক্ষে RME প্ৰযুক্তিৰে এটা বহুজাতিক কোম্পানীয়ে নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ কৰিছিল যদিও চমৰাজানৰ ৰে’ল আলিৰ সমীপত শ্লুইচ গেটৰ প্ৰয়োজনীয়তাৰ বাবে মথাউৰিৰ এই অংশটো এতিয়াও উন্মুক্ত হৈ আছে ।
নদীত পানী বাঢ়িলে এই ছিগা অংশইদি জীয়াঢলৰ পানী গাঁৱৰ ভিতৰলৈ সোমাই প্লাৱিত কৰে ঘৰ-বাৰী-পথাৰ ৷ ইতিমধ্যে শ্লুইচ গেট নিৰ্মাণৰ বাবে আচঁনি প্ৰস্তুত কৰি জলসম্পদ বিভাগে ৰূপায়ণৰ বাবে অচিৰেই ব্যৱস্থা গ্ৰহণ কৰিব ৷ কিছুদিনৰ আগতে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই পৰিদৰ্শন কৰি যোৱাৰ পিচত আজি জিলাখনৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে ধেমাজি জিলা উপায়ুক্ত অংকুৰ ভৰালীসহ অন্যান্য বিভাগীয় বিষয়াৰ সৈতে উক্ত ঠাইডোখৰ পৰিদৰ্শন কৰে । লগতে চমৰাজানত ১৫নং ঘাই পথৰ ওপৰত থকা পকী কালভাৰ্টৰ তলত কিছু মাটি খহি যোৱা অংশও পৰিদৰ্শন কৰে ৷