Ranoj Pegu Press Meet: উচ্চতৰ মাধ্যমিক পৰ্যায়ত চৰকাৰী মহাবিদ্যালয়সমূহৰ ফলাফলক লৈ উদ্বিগ্ন শিক্ষামন্ত্ৰী - Ranoj Pegu Press Meet

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 10, 2023, 5:58 PM IST

Updated : Jun 10, 2023, 6:03 PM IST

ধেমাজি, 10 জুন: শেহতীয়াকৈ ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত চৰকাৰী মহাবিদ্যালয়সমূহৰ প্ৰদৰ্শনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ শনিবাৰে ধেমাজিত এখন দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ আহি জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত মন্ত্ৰীগৰাকীয়ে এক সংবাদমেলত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে (Minister Ranoj Pegu) ৷  

মন্ত্ৰীগৰাকীয়ে কয় যে, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত চৰকাৰী মহাবিদ্যালয় সমূহৰ প্ৰদৰ্শনক লৈ বিশ্লেষণৰ প্ৰয়োজন আছে ৷ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ তুলনাত উত্তীৰ্ণৰ হাৰ মহাবিদ্যালয়সমূহত উদ্বেগজনকভাৱে অৱনমিত হৈছে ৷ সৰ্বাধিক 56.89 শতাংশৰ পৰা কোনো মহাবিদ্যালয়ৰ 19 শতাংশলৈ অৱনমিত হৈছে ফলাফল (Ranoj Pegu Reacts Over results of HS examination) ৷  

তেওঁ কয় যে চৰকাৰী মহাবিদ্যলয় সমূহত বিদ্যালয়তকৈ অধিক সা-সুবিধা থাকে (Provincialized degree colleges) ৷ উন্নত আন্তঃগাঁথনি, ডক্তৰেট ডিগ্ৰীধাৰী শিক্ষক থকা সত্ত্বেও উচ্চতৰ মাধ্যমিক পৰ্যায়ত মহাবিদ্যালয় সমূহৰ হতাশাজনক ফলাফলক লৈ ইয়াৰ কাৰণ বিশ্লেষণ কৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে (Ranoj Pegu Press Meet) ৷ 

লগতে পঢ়ক: Protest in Dhemaji:বিধ্বস্ত পথ মেৰামতিৰ দাবীত ধেমাজিত জাকৈ খালৈ লৈ প্ৰতিবাদ

Last Updated : Jun 10, 2023, 6:03 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.