Education minister visited Tinsukia: স্নাতক মহলাত ১ লাখ ৫০ হাজাৰ আসন পূৰণ হৈছে:শিক্ষা মন্ত্ৰী - Education minister visited Tinsukia

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 7, 2023, 7:26 PM IST

তিনিচুকীয়া, ৭ আগষ্ট:"ৰাজ্যৰ বহু মহাবিদ্যালয়ৰ আসন খালী হৈ আছে । স্নাতক মহলাত বৰ্তমানেও ৩০ হাজাৰ আসন খালী আছে ।"এই মন্তব্য় শিক্ষা মন্ত্ৰী ডাঃৰণোজ পেগুৰ । সোমবাৰে তিনিচুকীয়া ডুমডুমা মহাবিদ্যালয় আৰু বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয় পৰিদৰ্শন কৰি তেওঁ এইদৰে মন্তব্য় আগবঢ়ায় । তেওঁ পুনৰ কয়,"ব্ৰহ্মপুত্ৰ উপত্যকাৰ মহাবিদ্যালয় সমূহত স্নাতক মহলাত থকা ১ লাখ ৮০ হাজাৰ আসনৰ বৰ্তমানলৈকে ১ লাখ ৫০ হাজাৰ আসন পূৰণ হৈছে ।"

ডুমডুমাৰ সমীপৰ ফটিকজানত নিৰ্মীয়মান বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয় পৰিদশৰ্ন কৰি শিক্ষা মন্ত্ৰী ডাঃৰণোজ পেগুই কামৰ অগ্ৰগতিৰ বুজ লয় । মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰ্য লেহেমীয়া হোৱা বিষয় সম্পৰ্কে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত অহা বৰ্ষৰ মাৰ্চত বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । শিক্ষামন্ত্ৰীগৰাকীক এই পৰিদৰ্শনৰ সময়ত ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাই সংগ দিয়ে ।

লগতে পঢ়ক:Project Cargo: কলিয়াবৰত উপস্থিত ৩,২৭৫ মেট্ৰিক টনৰ তিনিটা যন্ত্ৰ কঢ়িয়াই অনা কাৰ্গ’

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.