ধিং-ৰূপহীৰ সংখ্যালঘু ৰাইজৰ মোহ এৰিব নোৱাৰে গৌৰৱ গগৈয়ে: পীযুষ হাজৰীকা - গৌৰৱ গগৈ
🎬 Watch Now: Feature Video
Published : Dec 10, 2023, 10:07 PM IST
বঢ়মপুৰ, 10 ডিচেম্বৰ : "গৌৰৱ গগৈ পলাইছে ৷ নগাঁৱৰ পৰা তেওঁ ক’তো নহা হ’ল ৷ তেওঁ ধিং, ৰূপহীৰ মোহ এৰিব নোৱাৰে ৷" এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ বঢ়মপুৰ সমষ্টিৰ কঠীয়াতলীত দেওবাৰে অনুষ্ঠিত হোৱা এক সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷
মন্ত্ৰী হাজৰীকাই কয় যে, ধিং, ৰূপহীৰ সংখ্যালঘু ৰাইজৰ মোহ এৰিব নোৱাৰে গৌৰৱ গগৈয়ে ৷ গতিকে তেওঁ কাজিৰঙাক বৃদ্ধাংগুষ্ঠ দেখুৱাইছে আৰু নগাঁৱত নিৰ্বাচন খেলিব বিচাৰিছে ৷ কিন্তু নগাঁৱত তেখেতৰ বাবে সহজ নহ’ব ৷ নগাঁৱতো বিজেপিয়ে যোগ্য প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়লাভ কৰিব বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷
মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে, সাহস আছে যদি কাজিৰঙা সমষ্টিৰ পৰা গৌৰৱ গগৈয়ে নিৰ্বাচন খেলক ৷ তেওঁ তিনিটা সমষ্টিৰ মোহ এৰিব নোৱাৰে, কিন্তু বাকী সমষ্টিৰ মোহ এৰি দিব বুলি কয় মন্ত্ৰী হাজৰীকাই ৷ ধিং, ৰূপহী আৰু চামগুৰি সমষ্টিৰ মোহ গৌৰৱ গগৈয়ে এৰিব নোৱাৰে বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷
উল্লেখ্য যে, আজি বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কঠিয়াতলীৰ ৰেংবেং খেলপথাৰত অনুষ্ঠিত হয় বিজেপিৰ এখন বিশাল সভা ৷ এই সভাত উপস্থিত থাকে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা ৷
সভাৰ পূৰ্বে বঢ়মপুৰ সমষ্টিৰ 6 টাকৈ অভিলাষি আঁচনি উদ্বোধন কৰাৰ লগতে এটা সদভৱনা ভৱন আৰু কঠিয়াতলী বামুনি পথ আৰু এখন দলঙৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী হাজৰীকাই ৷ সভাত কংগ্ৰেছৰ লগতে অন্য দল-সংগঠনৰ পৰা প্ৰায় দুই হাজাৰ লোকে বিজেপি দলত যোগদান কৰে ৷ সভাত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু সদৰ সমষ্টি বিধায়ক ৰূপক শৰ্মাৰ লগতে ন-বিজেপি নেতা সুৰেশ বৰাও উপস্থিত থাকে ৷
লগতে পঢ়ক : ঋণৰ সুদৰ বাবদ বছৰি ৰাজকোষৰ ওপৰত ৮০০০ কোটি টকাৰ বোজা