Minister Pijush Hazarika: নলবাৰীত ভগ্ন মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰীকাৰ; নিলম্বিত OC বিমান ৰয় সন্দৰ্ভতো প্ৰতিক্ৰিয়া - শ্লুইচ গেট

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 2, 2023, 5:39 PM IST

নলবাৰী, ২ জুলাই : ৰাজ্যত প্ৰথমটো বানৰ বিভীষিকা মাৰ যোৱা নাই ৷ ৰাজ্যজুৰি বিগত সময়ত বৰষুণ হৈ থকাৰ সময়ছোৱাত নলবাৰী জিলাৰ পাগলাদিয়া নৈয়ে কালৰূপ ধাৰণ কৰিছে ৷ নলবাৰীৰ বৰভাগবাসীৰ দাবীৰ প্ৰতি সঁ‌হাৰি জনাই বৰভাগত দেওবাৰে উপস্থিত হয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা ৷ 

মন্ত্ৰীগৰাকীয়ে বৰভাগক জুৰুলা কৰা পাগলাদিয়া নদীৰ মথাউৰি পৰিদৰ্শন কৰে । প্ৰথমতে কমাৰকুছিত পাগলাদিয়া নদীৰ মথাউৰিত সৃষ্টি হোৱা মথাউৰিৰ গৰাখহনীয়া প্ৰত্যক্ষ কৰে মন্ত্ৰীগৰাকীয়ে । গৰাখহনীয়া প্ৰত্যক্ষ কৰি মন্ত্ৰী হাজৰীকাই আগন্তুক চাৰি দিনৰ ভিতৰত মথাউৰিত সৃষ্টি হোৱা খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা সম্পন্ন কৰাৰ নিৰ্দেশ প্ৰদান কৰে বিভাগীয় কৰ্তৃপক্ষক।

ইয়াৰ পিচতে মন্ত্ৰীগৰাকীয়ে দোকোহাৰ দুসুঁতিমুখত প্ৰস্তাৱিত শ্লুইচ গেটৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰে। নিৰ্মাণস্থলী পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে অতি সোনকালে শ্লুইচ গেটৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা হ'ব বুলি ঘোষণা কৰাৰ লগতে দুবছৰৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পন্ন হ'ব বুলি মন্তব্য প্ৰকাশ কৰে ৷ 

ইফালে মন্ত্ৰীগৰাকীয়ে ঘগ্ৰাপাৰ কাণ্ডৰ মূল খলনায়ক OC বিমান ৰয়ৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে, কিমান দিন পলাই থাকিব । ধৰা পৰিবই ৷ 

লগতে পঢ়ক: Rhino at Kaliabor : কলিয়াবৰত গঁড়ৰ মুক্ত বিচৰণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.