Karntaka Poll Result: কংগ্ৰেছ যাতে কোনো ঠাইতে জিকিব নোৱাৰে তাৰ বাবে আমি কৰ্ণাটকৰ পৰা শিক্ষা লৈছো; পৰিমল শুক্লবৈদ্য - হোজাই সমষ্টিৰ বিধায়ক

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 13, 2023, 10:10 PM IST

হোজাই, 13 মে’: ৰাজনীতিত জয় পৰাজয় থাকিবই ৷ এতিয়া কংগ্ৰেছ আহিছে, ভৱিষ্যতে পুনৰ বিজেপি চৰকাৰ আহিব ৷ ৰাজনীতিত এইবিলাক চলিয়ে থাকিব ৷ এই মন্তব্য কৰিছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলক লৈ আজি হোজাইত এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে ভৱিষ্যতে কোনো ঠাইতে যাতে কংগ্ৰেছ জিকিব নোৱাৰে সেই শিক্ষা কৰ্ণাটকৰ পৰা গ্ৰহণ কৰিছে বুলিও কয় মন্ত্ৰীজনে (Parimal Suklabaidya Reacts on Karntaka Poll Result) ৷  

আনহাতে হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষে কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলক লৈ মন্তব্য কৰে যে, এইয়া এক গণতান্ত্ৰিক উৎসৱ, কৰ্ণাটকত প্ৰতিবাৰে চৰকাৰ সলনি হয় ৷ কংগ্ৰেছ শেষ হৈ আছে শেষ হ’ব ৷ শেষ হোৱাৰ আগতে হঠাতে এটা চাকি জ্বলে (Karntaka Poll Result) ৷ এইয়াই কৰ্ণাটকৰ নিৰ্বাচনত হৈছে বুলি মন্তব্য কৰে বিধায়কজনে (Hojai MLA Reacts on Karntaka Poll Result) ৷

লগতে পঢ়ক: Karnataka poll updates: ডিব্ৰুগড়ত ফটকা ফুটাই আনন্দ উল্লাস কংগ্ৰেছ কৰ্মীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.