Orunodoi card distribution : মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত ডিফুত অৰুণোদয় 2.0 ৰ হিতাধিকাৰীক অনুমোদন পত্ৰ বিতৰণ

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 10:17 AM IST

thumbnail

ডিফু, 13 অক্টোবৰ : বৃহস্পতিবাৰে ডিফুত উপস্থিত হয় অসম চৰকাৰৰ পৰিবহন আৰু মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ তাৰ পাচত মন্ত্ৰীগৰাকীয়ে ডিফুৰ চৰকাৰী বালক উচচতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত আয়োজিত এক ৰাজহুৱা সভাত অংশ লৈ জিলাখনৰ 15 হাজাৰতকৈ অধিক হিতাধিকাৰীৰ মাজত অৰুণোদয় 2.0 ৰ অনুমোদন পত্ৰ বিতৰণ কৰে ৷

মন্ত্ৰীগৰাকীয়ে হিতাধিকাৰী ৰাইজলৈ উদ্দেশ্যি দিয়া ভাষণত কয়, ‘‘অৰুণোদয় আঁচনিৰ জৰিয়তে কাৰ্বি আংলং জিলাৰ প্ৰত্যেকটো পৰিয়ালৰে আৰ্থিক দিশটো টনকিয়াল হ’ব আৰু কাৰ্বি আংলং জিলা আগবাঢ়ি যাব’’ । তেওঁ লগতে বৰ্তমান অসমত 18 লাখ অধিক হিতাধিকাৰী আছে বুলি উল্লেখ কৰি অহা 20 নৱেম্বৰত অসমত অৰুণোদয় হিতাধিকাৰী সংখ্যা নতুন কৈ 6 লাখ 88 হাজাৰ হ'ব বুলি প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে, জিলাখনত বৰ্তমান 42 হাজাৰ অৰুণোদয় হিতাধিকাৰী আছে আৰু অহা 10 নৱেম্বৰত নকৈ 15 হাজাৰ হিতাধিকাৰী অন্তৰ্ভুক্ত হ’ব । জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত ৰাজহুৱা সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাসী সদস্য ড৹ তুলিৰাম ৰংহাং, সাংসদ হৰেণ ছিং বে’, বিধায়ক বিদ্যাছিং ইংলেং আৰু দৰছিং ৰংহাঙেও অৰুণোদয় অভিলাষী আঁচনিৰ সম্পৰ্কে ভাষণ আগবঢ়ায় ।

লগতে পঢ়ক : Orunodoi card distribution : বিশ্বনাথত অৰুণোদয় ২.০ ৰ শুভ উদ্বোধন সাংসদ পল্লৱলোচন দাসৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.