চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ সন্তুষ্টি প্ৰকাশ মন্ত্ৰী শুক্লবৈদ্যৰ - ECI
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03-12-2023/640-480-20173425-thumbnail-16x9-sri.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 3, 2023, 2:09 PM IST
মাজুলী, 3 ডিচেম্বৰ : আজি পুৱা 8 বজাৰ পৰা মধ্য প্ৰদেশ, ছত্তীশগড়, ৰাজস্থান, তেলেংগানাত বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে ৷ ইতিমধ্যে মধ্য প্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত বিজেপিৰ প্ৰচুৰ বহুমতত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে তেলেংগানাত কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে ৷
লগতে পঢ়ক: ৰাজস্থানত প্ৰচুৰ বহুমতত বিজেপিৰ বিজয় হ’ব- মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত
ইয়াৰ পিচতে চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ সন্তুষ্টি প্ৰকাশ কৰিলে অসম চৰকাৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ । ৰাইজে বিজেপিৰ সপক্ষে ভোটদান কৰাত ভোটাৰ ৰাইজক ধন্যবাদ জনায় মন্ত্ৰী শুক্লবৈদ্যই। মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে ৰাইজৰ বাবে যি জনকল্যাণমূলক কাম কৰি আছে তাৰ বাবে এইয়া সম্ভৱ হৈছে বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ।
"আমি নিজেই বিজেপিৰ কথা ক’ব নালাগে, ৰাইজে সকলো দেখি আছে ৷ এয়াই প্ৰতিফলিত হৈছে তিনিখন ৰাজ্যত ৷ প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতবৰ্ষক সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিকভাৱে যেনেদৰে আগুৱাই লৈ গৈছে তাৰ বাবে ভাৰতবৰ্ষৰ মানুহে বিজেপি চৰকাৰখনক আদৰি লৈছে । বিজেপি চৰকাৰক আকোঁৱালি লোৱাৰ বাবে ভোটাৰ ৰাইজক ধন্যবাদ " - মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এনেদৰে মন্তব্য প্ৰকাশ কৰে ৷