thumbnail

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 1:58 PM IST

ETV Bharat / Videos

Minister Jogen Mohan reaction: দেশৰ সুস্থ গণতন্ত্ৰ জীয়াই থকাৰ স্বাৰ্থত ৰাজনীতিৰ পৰা দাগী অপৰাধীক বিদায় দিয়াতো জৰুৰী: যোগেন মহন

মৰাণ,১২ নৱেম্বৰ: শেহতীয়াকৈ দেশৰ দাগী মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰ দ্ৰুত নিস্পত্তিৰ বাবে উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশক আদৰণি জনাইছে মন্ত্ৰী যোগেন মহনে ৷ দেশৰ সুস্থ গণতন্ত্ৰ জীয়াই থকাৰ স্বাৰ্থত এনে পদক্ষেপ জৰুৰী বুলি মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে ৷ জনসাধাৰণেও কোনো দাগী ব্যক্তিক জনপ্ৰতিনিধি হিচাপে নিবিচাৰে আৰু এনে লোকক ৰাজনৈতিক মঞ্চৰ পৰা বিদায় দিয়াতো প্ৰয়োজন তদুপৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা কঠোৰভাৱে বলৱৎ হোৱাৰো মতপোষণ কৰে মন্ত্ৰীজনে ৷  

দেওবাৰে মৰাণত সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত এই মন্তব্য প্ৰদান কৰে মন্ত্ৰী যোগেন মহনে ৷ লগতে সকলোকে পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে । এই দীপাৱলীয়ে যাতে সকলোৰে মনবোৰ পোহৰাই তোলে তাৰেই কামনা কৰে মন্ত্ৰী যোগেন মহনে ।

লগতে পঢ়ক: Bangladeshi ships stranded in Brahmaputra: শুকাই যোৱা ব্ৰহ্মপুত্ৰত লাগি ধৰিল বাংলাদেশৰ ৫ খন জাহাজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.