Revenue minister Jogen Mohan: টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত আকস্মিকভাৱে উপস্থিত হয় মন্ত্ৰী যোগেন মহন - jogen mohan
🎬 Watch Now: Feature Video
টীয়ক, ৩ মাৰ্চ : ৰাজ্যত এতিয়া বসুন্ধৰা ২.০ ৰ কাম চলি আছে ৷ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে কাৰ্যালয়ে উপস্থিত হৈ এইবাৰ অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে স্বচক্ষে কাম-কাজসমূহৰ বুজ লৈছে ৷ শেহতীয়াকৈ টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত ৰাজহ মন্ত্ৰী যোগেন মহন আকস্মিকভাৱে উপস্থিত হয় (Jogen Mohan visits Revenue Circle Officers Office) ৷
বসুন্ধৰা ১.০ ৰ সফল সমাপ্তিৰ পাছত বসুন্ধৰা ২.০ ৰ কাম সমূহ পূৰ্ণগতিত চলি আছে ৷ বসুন্ধৰা ২.০ ৰ যি সমূহ কাম অনলাইনভাৱে চলি আছে সেই কাম সফলতাৰে সম্পাদন কৰা হৈছেনে নাই সেই নিৰীক্ষণ কৰাৰ অৰ্থে ৰাজ্যৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে কাৰ্যালয়ে গৈ কাম কাজৰ বুজ লৈছে মন্ত্ৰী যোগেন মহনে ৷ ৰাজহ চক্ৰ বিষয়াৰ লগতে কাৰ্যালয়ৰ সকলো বিষয়া কৰ্মচাৰীয়ে দিনে নিশাই কষ্ট কৰি মিচন বসুন্ধৰাৰ সফলতাৰ বাবে যিদৰে কাম অব্যাহত ৰাখিছে তাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে ।
উল্লেখযোগ্য যে, বসুন্ধৰা ২.০ ত টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে সৰ্বমুঠ ৩১৮৭ টা অনলাইন নথিভুক্ত কৰিছে । ইয়াৰ লগতে অসমৰ ভিতৰতে সৰ্বাধিক চাহ বাগিচা অধ্যুষিতৰ আবেদন টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়তে নথিভুক্ত হৈছে বুলিও ৰাজহ মন্ত্ৰীজনে জানিবলৈ দিয়ে । ৩১৮৭ খন অনলাইন আবেদনৰ ভিতৰত ১৯৬৭ খন খাচ আবেদন, ২৭০ খন VGR/PGR আৰু চাহ বাগিচাৰ ৩১৯ খন আবেদন লাভ কৰিছে ।
মন্ত্ৰীজনে আকস্মিক পৰিদর্শনৰ সময়ত টীয়ক চক্ৰ বিষয়াৰ লগতে টীয়ক প্ৰেছ ক্লাৱৰ উপদেষ্টা, টীয়ক পৌৰসভাৰ ৱাৰ্ড আয়ুক্ত, গাঁও প্ৰধান তথা কেইবাজনো স্থানীয় বিশিষ্ট ব্যক্তিৰ সৈতে আলোচনাত মিলিত হয় (Revenue minister Jogen Mohan) । ইপিনে কাৰ্যালয়লৈ বিভিন্ন কাম লৈ অহা ৰাইজৰ সৈতেও মত বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে সকলো কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰি ৰাইজক সহায়ৰ হাত আগবঢ়াবলৈ কৰ্মচাৰীসকলক আহ্বান জনায় ।
লগতে পঢ়ক : Drug addicts arrested: নাৰায়ণপুৰত ড্ৰাগছসহ আটক দুই ড্ৰাগছ আসক্ত যুৱক