Sri Sri Harimandir of Nalbari: হৰিমন্দিৰৰ নতুন সমিতি সৰ্বস্তৰৰ ৰাইজে বিচাৰিছে; জয়ন্তমল্ল বৰুৱা - নলবাৰীৰ ঐতিহাসিক শ্ৰীশ্ৰী হৰিমন্দিৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 6:06 PM IST

নলবাৰী, ২৯ অক্টোবৰ: বহু বিতৰ্কৰ অন্তত আজি অনুষ্ঠিত হয় নলবাৰীৰ ঐতিহাসিক শ্ৰীশ্ৰী হৰিমন্দিৰৰ পৰিচালনা সমিতিৰ নিৰ্বাচন । নলবাৰীৰ গৌৰৱ হৰিমন্দিৰৰ পৰিচালনা সমিতিখনৰ স্বচ্ছতাৰ সাপেক্ষে আজি প্ৰায়ভাগ আজীৱন সভ্যই ভোট দান কৰে । প্ৰায় ৯০ তকৈ অধিক শতাংশ সভ্যই ভোট দান প্ৰক্ৰিয়া আগঢ়াই হৰিমন্দিৰ গুণ গৰিমা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে । সাংসদ দিলীপ শইকীয়াৰ পিছত মন্ত্ৰী তথা স্থানীয় বিধায়ক, হৰিমন্দিৰ সমিতিৰ নতুনকৈ নিৰ্বাচিত হোৱা সভাপতি জয়ন্তমল্ল বৰুৱায়ো ভোটদান কৰে ।

মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ভোটদান কৰি নলবৰীবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁ নলবাৰীৰ ঐতিহ্য এই হৰিমন্দিৰক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ এখন নতুন সমিতি নলবাৰীৰ সৰ্বস্তৰৰ ৰাইজে বিচাৰি আছিল বুলি মন্তব্য কৰে । পূৰ্বৰ সমিতিৰ বিৰুদ্ধে খেলিমেলিৰ অভিযোগ উত্থাপিত হোৱাত এইবেলি নতুনকৈ পৰিচালনা সমিতি নিৰ্বাচিত কৰাৰ লক্ষ্যৰে সকলোৱে ভোটদান কৰে বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ।

উল্লেখযোগ্য যে আজি জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত পৱিত্ৰ হৰিমন্দিৰৰ পৰিচালনা সমিতিৰ নিৰ্বাচনত মুঠ ৮৩ গৰাকীকৈ আজীৱন সভ্যই কাৰ্যনিৰ্বাহক সদস্য পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছে । ইয়াৰে ২৩ গৰাকী সদস্য নিৰ্বাচিত হৈ পৰিচালনা কৰিব নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰক । মুঠ ২,৩৬৩ গৰাকী সভ্যই ভোটদান কৰি ভাগ্য় নিৰ্ধাৰণ কৰিব ২৩ গৰাকী কাৰ্যনিৰ্বাহক সদস্যৰ । কোনো ধৰণৰ বিশৃংখল নোহোৱাকৈ ভোটদান প্ৰক্ৰিয়া চলাই নিয়া বাবে জিলা প্ৰশাসনকো ধন্যবাদ জনায় মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ।

লগতে পঢ়ক:Sri Sri Harimandir of Nalbari: নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰৰ পৰিচালনা সমিতিৰ নিৰ্বাচন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.