Jayanta Malla Baruah: নলবাৰীত হ’ব আদৰ্শ চিকিৎসালয়; ঘোষণা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

By

Published : Jul 22, 2023, 8:49 PM IST

thumbnail

নলবাৰী,২২ জুলাই: শনিবাৰে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই  ৷ চিকিৎসালয়খন পৰিদৰ্শন কৰি সাংবাদকৰ আগত কয়, ‘‘নলবাৰীত অচিৰেই হ’ব ৫০ খন বিচনাযুক্ত চিটি আদৰ্শ চিকিৎসালয় ৷ শ্বহীদ মুকুন্দ কাকতিৰ নামেৰে নামকৰণ কৰা হ’ব এই নতুন আদৰ্শ চিকিৎসালয়খনৰ ৷ পূৰ্বৰ দৰে সকলোধৰণৰ সা-সুবিধা থাকিব প্ৰস্তাৱিত আদৰ্শ চিকিৎসালয়খনত ৷’’

আনহাতে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ৷ বিশ্ববিদ্যালয়খনৰ সমস্যা তথা অভাৱ অভিযোগ সন্দৰ্ভত কেইবাখনো বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকীয়ে ৷ ছাত্ৰ-ছাত্ৰী, অধ্যাপক তথা উপাচাৰ্যৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হৈছে মন্ত্ৰীগৰাকীয়ে ৷ 

বৈঠকৰ অন্তত পৰ্যায়ক্ৰমে বিশ্ববিদ্যালয়ৰ সকলো সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । নলবাৰীত ১০৬ কোটি টকাৰ ৰাস্তা আৰু নলা নিৰ্মাণ, ৫০ কোটি টকাৰ ষ্টেডিয়ামৰ লগতে ৫০ কোটিৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণ হ’ব বুলি ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে।

লগতে পঢ়ক:AASU Protest in Nalbari: পথ মেৰামতিৰ দাবীত নলবাৰীত আছুৰ পথ অৱৰোধ কাৰ্যসূচী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.