Minister Bimal Bora in Tingkhang: ছাত্ৰ-ছাত্ৰীৰ সৈতে ধেমালি মন্ত্ৰী বিমল বড়াৰ - Minister Bimal Bora in Tingkhang
🎬 Watch Now: Feature Video

টিংখাং,১৯ আগষ্ট: ব্যতিক্ৰমী কাম-কাজেৰে ৰাজ্যৰ ৰাজনীতিত নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে মন্ত্ৰী বিমল বড়া । এইবাৰ এক অন্য ৰূপত দেখিবলৈ পোৱা গ'ল টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াক । টিংখাঙৰ কণ-কণ ছাত্ৰ-ছাত্ৰীৰ সৈতে ধেমালি বিধায়ক তথা মন্ত্ৰী বিমল বড়াৰ ।
ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এক অন্তৰংগ মূহুৰ্ত হাঁহি ধেমালিৰ মাজেৰে, কথা আৰু কবিতা আবৃত্তিৰে অতিবাহিত কৰা পৰিলক্ষিত হয় মন্ত্ৰীগৰাকীক । টিংখাঙৰ কেন্দুগুৰি চাহ বাগিচাত নিৰ্মীয়মান আদৰ্শ অঙ্গনৱাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰাৰ উদ্দেশ্যে উপস্থিত হোৱা মন্ত্ৰী বিমল বড়াই ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বাৰ্তালাপত মিলিত হয় ।
তদুপৰি খেলৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে খেলৰ সামগ্ৰী বিচৰাত খেলৰ সামগ্ৰী যোগান ধৰাৰ আশ্বাস প্ৰদান কৰে । লগতে চাহ বাগিচাৰ অঞ্চলৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলক কেনেকৈ পৰিষ্কাৰ-পৰিছন্ন হৈ থাকিব লাগে সেই বিষয়ে কবিতাৰ জড়িয়তে বুজোৱাৰ চেষ্টা কৰে উদ্যোগ আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বড়াই ।
লগতে পঢ়ক: Poison in drinking water: জোনাইৰ দঞি পলো ইণ্টাৰপ্ৰাইছে খোৱাপানীৰ নামত বৰবিহ বিক্ৰী কৰাৰ অভিযোগ