thumbnail

By

Published : Jun 4, 2023, 10:01 PM IST

ETV Bharat / Videos

Oil palm in Lakhimpur: লখিমপুৰত ৰাজ্যৰ ভিতৰতে প্ৰথম তৈল খেজুৰ আঁচনিৰ শুভাৰম্ভ মন্ত্ৰী অতুল বৰাৰ

লখিমপুৰ, 4 জুন: অসমৰ কৃষি ক্ষেত্ৰত দেওবাৰে নকৈ সংযোজন হ’ল তৈল খেজুৰ উৎপাদন আঁচনি ৷ ৰাজ্যৰ ভিতৰত প্ৰথম লখিমপুৰত এই আঁচনিখন আৰম্ভ কৰা হয় ৷ দেওবাৰে বিয়লি আঁচনিখনৰ শুভাৰম্ভ কৰে কৃষি মন্ত্ৰী অতুল বৰাই (Minister Atul Bora Inaugurate Agriculture Scheme) ৷  

লখিমপুৰৰ বোকানলাত এই তৈল খেজুৰ (অইল প্লাম) ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে কৃষি মন্ত্ৰী অতুল বৰাই ৷ কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় ভোজ্য তেল তৈল খেজুৰ অভিযান আঁচনিৰ অধীনত তৈল খেজুৰ ৰোপন কাৰ্যসূচী দেওবাৰে বিয়লি লখিমপুৰ জিলাৰ বোকানলাত আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰা হয় ৷ অসমত সৰ্বপ্ৰথম লখিমপুৰ জিলাৰ বোকানলাত ৰোপন কৰা হ’ল এই তৈল খেজুৰ (Atul Bora Inaugurate Agriculture Scheme) ৷  

অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত তথা লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত এই শুভাৰম্ভণি অনুষ্ঠানত অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে কৃষি বিভাগৰ মুখ্য প্ৰৱন্ধক, উদ্যান শস্যৰ প্ৰৱন্ধক, লখিমপুৰ জিলা উপায়ুক্ত আৰু হায়দৰাবাদৰ থ্ৰী এফ অইল প্লামৰ পৰিচালন সঞ্চালকে আনুষ্ঠানিকভাৱে তৈল খেজুৰৰ পুলি ৰোপন কৰে (Oil palm in Lakhimpur) ৷ 

উল্লেখযোগ্য যে, হায়দৰাবাদৰ থ্ৰী এফ অইল প্লাম নামৰ কোম্পানীয়ে বোকানলাৰ পাঁচ গৰাকী কৃষকৰ ছয় হেক্টৰ কৃষি ভূমিত ব্যৱসায়ীকভাৱে অইল প্লাম উৎপাদনৰ লক্ষ্যৰে এই আঁচনি গ্ৰহণ কৰিছে ৷ লখিমপুৰ জিলাৰ উপায়ুক্তৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত কৃষি মন্ত্ৰীয়ে ভাষণ প্ৰদান কৰাৰ লগতে অইল প্লাম খেতিৰ আঁচনি গ্ৰহণ কৰা বোকানলাৰ তিনিগৰাকী কৃষকক সম্বৰ্ধনা জনায় মন্ত্ৰীগৰাকীয়ে (Palm oil plantation in Lakhimpur) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.