Ashok Singhal visited Bihpuria: বিহপুৰীয়াত ব্যয়বহুল মেগা মাৰ্ট আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী অশোক সিংহলৰ - Minister Ashok Singhal

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 28, 2023, 12:36 AM IST

Updated : Apr 28, 2023, 9:36 AM IST

বিহপুৰীয়া, 27 এপ্ৰিল : বৃহস্পতিবাৰে লখিমপুৰত দিনযোৰা কাৰ্যসূচীৰে উপস্থিত হয় অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংহল (Minister Ashok Singhal)৷ মন্ত্ৰীগৰাকীয়ে বিয়লি বিহপুৰীয়া নগৰত এখন ব্যয়বহুল আচঁনি মেগা মাৰ্টৰ আধাৰশিলা স্থাপন কৰে । লখিমপুৰৰ বিধায়ক মানৱ ডেকা আৰু স্থানীয় বিধায়ক ড৹ অমিয় ভূঞাৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰি বিহপুৰীয়া নগৰখনক সৰ্বাংগ সুন্দৰ ৰূপত গঢ়ি তোলাৰ পোষকতা কৰে মন্ত্ৰী সিংহলে (Minister Ashok Singhal visited Bihpuria)৷  

২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগা এই মেগা মাৰ্টটো নিৰ্মাণ হৈ উঠিলে বিহপুৰীয়া নগৰৰ ব্যৱসায় ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব ৷ ইয়াৰোপৰি বিহপুৰীয়া নগৰত এখন শিশু উদ্যান গঢ়ি তোলাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে (Ashok Singhal laid foundation stone)৷ ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে বিহপুৰীয়াৰ মধুপুৰ আৰু বদতি জামুগুৰিৰ দুখনকৈ কৃষি পথাৰ পৰিদৰ্শন কৰি জলসিঞ্চন আচঁনিৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিহপুৰীয়াবাসীক ৷ 

লগতে পঢ়ক: Illegal agarwood seized: মৰিয়নীত সাঁচি ভৰ্তি বলেৰ’ পিকআপ ভান জব্দ

Last Updated : Apr 28, 2023, 9:36 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.