Ajanta Neog: মেৰাপানীত ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম - Minister Ajanta Neog
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18536530-thumbnail-16x9-ajanta.jpg)
যোৰহাট, 18 মে’: মেৰাপানীত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ লগতে হস্ততাঁত বস্ত্ৰ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ ৷ গোলাঘাটৰ বিধায়িকা তথা ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ বিধায়ক পুঁজি, চিগনেচাৰ প্ৰকল্পৰ অধীনত মেৰাপানীৰ জয়পুখুৰীত প্ৰায় 10 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জয়পুখুৰী মিনি ষ্টেডিয়ামৰ শুভ উদ্ধোধন কাৰ্যসূচীত উপস্থিত থাকে দুয়োগৰাকী মন্ত্ৰীৰ লগতে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন (Ajanta Neog at Merapani) ৷
মেৰাপানীৰ ভিতৰুৱা অঞ্চলটোত সুপ্ত হৈ থকা ক্ৰীড়া প্ৰতিভাসমূহ বিকাশৰ লক্ষ্যৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে এই ক্ৰীড়া প্ৰকল্পটি (Minister Ajanta Neog) ৷ অনুষ্ঠানত উপস্থিত থাকি সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে এই ষ্টেডিয়াম নিৰ্মাণে অঞ্চলটোৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ ক্ষেত্ৰত বাটকটীয়া হ'ব বুলি মন্তব্য কৰে (Ajanta Neog Inaugurates Mini Stadium at Merapan) ৷
এই অনুষ্ঠানতে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ভাষণ প্ৰসংগত গোলাঘাট বিধানসভা সমষ্টিত যথেষ্ট উন্নয়ন সাধন হোৱা বুলি মন্তব্য কৰে ৷ ইয়াৰ পূৰ্বে দুয়োগৰাকী মন্ত্ৰীয়ে ৰতনপুৰত হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ এটি প্ৰশিক্ষণ কেন্দ্ৰও মুকলি কৰে (Minister Ajanta Neog Inaugurates Mini Stadium) ৷
লগতে পঢ়ক: Sherman Ali controversy: বিধায়ক শ্বেৰমান আলী আহমেদক মানসিক বিকাৰগ্ৰস্ত আখ্যা প্ৰদেশ কংগ্ৰেছৰ