Food Poisoning in Jorhat : মধ্যাহ্ন ভোজনৰ পাচতে যোৰহাটত অসুস্থ ১৩ গৰাকী শিক্ষাৰ্থী

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 7:32 PM IST

thumbnail

যোৰহাট, 8 নৱেম্বৰ : যোৰহাটৰ দহটীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন কৰি অসুস্থ হ’ল ১৩ গৰাকীকৈ শিক্ষাৰ্থী ৷ অসুস্থ ছাত্ৰ-ছাত্ৰীকেইগৰাকীক ততাতৈয়াকৈ ওচৰৰে এখন প্ৰাথমিক চিকিৎসালয় ভৰ্তি কৰোৱা হয় আৰু তাৰে ৭ গৰাকী ছাত্ৰ-ছাত্ৰীক চিকিৎসকে ঘৰলৈ যাবলৈ দিয়ে । বাকী ৬ গৰাকীশিক্ষাৰ্থীক যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতালৰ শিশু বিভাগত ভৰ্তি কৰোৱা হয় ৷

উল্লেখ্য যে আটাইকেইজন শিক্ষাৰ্থীৰ বয়স ৪ পৰা ১০ বছৰ ভিতৰত । আনহাতে অসুস্থ ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হয় জিলা আয়ুক্ত পুলক মহন্ত । ছাত্ৰ-ছাত্ৰীসকল সম্প্ৰতি বিপদমুক্ত বুলি চিকিৎসকে প্ৰকাশ কৰিছে ।

উল্লেখ্য, বুধবাৰে বিদ্যালয়খনৰ মধাহ্ন ভোজনৰ খাদ্যত ৰঙালাও আৰু কণী দিয়া হৈছিল ৷ উক্ত ঘটনা কিদৰে সংঘটিত হয় তাৰ তদন্তৰ বাবে বিদ্যালয়খনত খাদ্য সুৰক্ষা বিভাগ দল উপস্থিত হয় ৷

লগতে পঢ়ক : Assam Cabinet Decision : কেন্দ্ৰৰ সমহাৰত ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধি: কেবিনেটৰ সিদ্ধান্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.