Protest at Sivasagar: মুখ্যমন্ত্ৰীক কংস মামা আখ্যা মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাৰ - Mid Day Meal Workers protest at Sivasagar

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 24, 2023, 8:35 PM IST

শিৱসাগৰ, ২৪ এপ্ৰিল: সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাৰ বকেয়া ধন বিচাৰি প্ৰতিবাদ (Mid Day Meal Workers protest at Sivasagar)। অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী-সহায়িকা সন্থাৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰাই সমাধানৰ পথ মুকলি কৰাৰ দাবীত সোমবাৰে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Protest of Mid Day Meal Workers in Assam) ।

প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰি কয় যে, চৰকাৰে ৰান্ধনী-সহায়িকা সন্থাৰ দীৰ্ঘদিনীয়া বহুকেইটা সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও বৰ্তমানলৈকে সেয়া কাৰ্যত পৰিণত হোৱা নাই । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কংস মামা বুলি ধিক্কাৰ দিছে প্ৰতিবাদকাৰীসকলে । শীঘ্ৰে যদি কোনো সিদ্ধান্তত উপনীত নহয় তেন্তে দিছপুৰ ঘেৰাও কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে । 

লগতে পঢ়ক:Amritpal Singh latest news : সিংহৰ দৰে আত্মসমৰ্পণ কৰিছে অমৃতপালে: মাতৃ

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.