Mid Day Meal Worker Protest :বিভিন্ন সমস্যা সমাধানৰ দাবীত সৰুপথাৰত প্ৰতিবাদ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ - মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video


Published : Nov 2, 2023, 7:11 PM IST
সৰুপথাৰ, 2 নৱেম্বৰ : ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ সৰুপথাৰৰ ধনশিৰি মহকুমাতো প্ৰতিবাদ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ ৷ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত তিনি শতাধিক মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । বিদ্যালয়সমূহৰ একত্ৰিকৰণৰ ফলত কাম হেৰুওৱা ৰন্ধনকৰ্মীক এককালীন সাহাৰ্য প্ৰদান কৰা, প্ৰতি মাহে 10 হাজাৰ টকাৰ মাহিলি নিৰ্ধাৰণ কৰাৰ দাবীৰে প্ৰতিবাদ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ ।
প্ৰতিবাদী মধ্যাহ্ন ভোজন কৰ্মচাৰীৰসকলে কয়, ‘‘মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে ইচ্ছা কৰিলে আমাৰ দাবী পূৰণ কৰিব পাৰে ৷ তেওঁলোকে আমাৰ দাবীক গুৰুত্বই নিদিয়ে ৷ আমাৰ সৰু সৰু ল’ৰা-ছোৱালী আছে ৷ কেনেকৈ পোহপাল দিম ? যিখিনি মাননি পাওঁ সেয়াও সময়ত নিদিয়ে ৷ মুখ্যমন্ত্ৰী আপুনি আমালৈ চকু মেলি চাওঁক ৷ নহ’লে আমি কেনেকৈ জীয়াই থাকিম ৷’’