Protest in Bihpuria: ৰন্ধন কৰ্মীসকলৰ মাহেকীয়া পাৰিতোষিক বৃদ্ধিৰ দাবীত উত্তাল প্ৰতিবাদ
🎬 Watch Now: Feature Video
বিহপুৰীয়া, 8 অক্টোবৰ : বিহপুৰীয়াৰ ৰাজপথত দুই শতাধিক মহিলাৰ উত্তাল প্ৰতিবাদ । ন্যায্য প্ৰাপ্তিৰ দাবীত লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ ৰাজপথত দেওবাৰে মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ ৰন্ধন কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ মহিলাসকলে চৰকাৰ বিৰোধী শ্ল’গানেৰে কঁপাই তোলে বিহপুৰীয়াৰ আকাশ বতাহ ৷ ৰন্ধন কৰ্মীসকলৰ মাহেকীয়া পাৰিতোষিক 15 শ টকাৰ পৰা 9 হাজাৰ 600 টকালৈ বৃদ্ধি কৰাৰ দাবীত এই প্ৰতিবাদ গঢ়ি তোলে ৷
অসম চৰকাৰ হায় হায়, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰন্ধন কৰ্মীসকলে ৷ লক্ষাধিক ৰন্ধন কৰ্মীৰ জীৱনক লৈ হেতালি খেলা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মামা নহয় কংস মামা বুলি অভিহিত কৰে প্ৰতিবাদকাৰী ৰন্ধন কৰ্মীসকল ।
অনাগত দিনত ৰন্ধন কৰ্মীসকলৰ এই দাবী যদি ৰাজ্য চৰকাৰে মানি নলয় তেন্তে আৰু অধিক জংগী প্ৰতিবাদী কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হ’ব বুলিও সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়ক : Amrit Kalash Yatra in Guwahati: বিজেপিৰ নহয়; চৰকাৰী কাৰ্যসূচী হে অমৃত কলহ যাত্ৰা ! দাবী মন্ত্ৰী পাটোৱাৰীৰ