পাঁচদিনলৈ ঠেটুৱৈ লগা জাৰত কঁপিব ৰাজ্য

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 7:23 AM IST

thumbnail

গুৱাহাটী, 11 জানুৱাৰী : চলিত বৰ্ষটোত ঘন কুঁৱলী আৰু প্ৰচণ্ড শীতৰ কৱলত পৰিছে ৰাজ্য । শীতৰ মাত্ৰা যথেষ্ট বৃদ্ধি পাইছে এইকেইটা দিনত ৷ আহিবলগীয়া পাঁচটা দিনত সমগ্ৰ উত্তৰ-পূব ভাৰততে বতৰ খৰাং হোৱাৰ সম্ভাৱনা আছে বুলি সদৰী কৰিছে বতৰ বিজ্ঞানীয়ে ৷

ৰাজ্যৰ আন আন ঠাইৰ লগতে মহানগৰবাসীয়ে আগন্তুক পাঁচদিনলৈ যথেষ্ট শীতৰ প্ৰকোপ অনুভৱ কৰাৰ সম্ভাৱনা আছে । বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ বিজ্ঞানীয়ে সদৰী কৰা মতে, বৃহস্পতিবাৰৰ পৰা আগন্তুক 15 জানুৱাৰীলৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ লগতে অসমৰ বতৰ সেমেকা হোৱাৰ উপৰিও ঠায়ে ঠায়ে কুঁৱলী থাকিব । লগতে অসমৰ কিছু কিছু ঠাইত ঘন কুঁৱলী হোৱাৰ সম্ভৱনাও আছে বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক : Daily Horoscope For 11th January: কেনে যাব আপোনাৰ আজিৰ দিনটো

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.