Meri Mati Mera Desh:আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি "মোৰ মাটি মোৰ দেশ" শীৰ্ষক অনুষ্ঠান - আজাদি কা অমৃত মহোৎসৱ
🎬 Watch Now: Feature Video
গুৱাহাটী, ১২ আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে ৷ জিলাসমূহত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে ৷ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি "মোৰ মাটি মোৰ দেশ শীৰ্ষক" অনুষ্ঠান । সমান্তৰালভাৱে মহানগৰীৰ খানাপাৰাটো মহানগৰ পৰিবহণ বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় এই বিশেষ অনুষ্ঠান ।
‘Meri mati mera desh’ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি পৰিবহণ বিভাগে অনুষ্ঠিত কৰে চকু পৰীক্ষা শিবিৰৰ লগতে বৃক্ষৰোপণ কাৰ্যসূচী । ইয়াৰ লগতে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ ৰাজপথৰ লগতে বিদ্যালয় মহাবিদ্যালয়ত সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰিছে পৰিবহণ বিভাগে । আজিৰ অনুষ্ঠানত উপস্থিত থাকে অতিৰিক্ত পৰিবহণ আয়ুক্ত গৌতম দাস, পৰিবহণ বিষয়া হিমাংশু দাসৰ লগতে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক গৰাকী ।
লগতে পঢ়ক : Independence day 2023: মোৰ দেশ মোৰ মাটি শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ