Drama Workshop in Namrup: নামৰূপত নটসূৰ্যৰ মৃত্য়ু দিৱসত নাট কৰ্মশালা

By

Published : Jul 31, 2023, 2:08 PM IST

thumbnail

নাহৰকটীয়া, ৩১ জুলাই: নামৰূপৰ পদাতিক নাট্য গোষ্ঠীৰ সৌজন্যত আজি বসুন্ধৰা জাতীয় বিদ্যালয়ত নটসূৰ্য ফণী শৰ্মাৰ মৃত্য়ু দিৱস পালন কৰা হয় ৷ সোমবাৰে এই উপলক্ষে আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নটসূৰ্যৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বালন কৰা হয় । উল্লেখ্য় যে, ১৯৭০ চনত আজিৰ দিনটোতেই এইগৰাকী মহান শিল্পীয়ে অসমবাসীক শোকসাগৰত এৰি থৈ চিৰবিদায় মাগিছিল । 

এই দিৱসৰ সৈতে সংগতি ৰাখি পদাতিক নাট্য গোষ্ঠীয়ে এমাহ ধৰি অনুষ্ঠিত কৰা গ্ৰীষ্মকালীন বিশেষ নাট কৰ্মশালাৰো আজি সামৰণি পৰে । এই উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই কৰ্মশালাত ৭১ গৰাকী  প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ৷ আজিৰ অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে বিভিন্ন আলখ্য, নৃত্য নাটিকা আদি পৰিৱেশন কৰে ৷

লগতে পঢ়ক:Memory Day of Phani Sharma: তেজপুৰত নটসূৰ্য ফণী শৰ্মাৰ ৫৩ সংখ্যক স্মৃতি দিৱস পালন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.