সাংবাদিকক আক্ৰমণৰ উচিত তদন্তৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 12:13 PM IST

thumbnail

কলিয়াবৰ,৭ জানুৱাৰী: বৈদ্যুতিক সংবাদ মাধ্যমৰ এগৰাকী সাংবাদিক দীপাংকৰ মেধিক নগাওঁ জিলা আয়ুক্তই শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই ক্ষুণ্ণ হৈ উঠিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকসকল । প্ৰান্তে প্ৰান্তে সাংবাদিকসকলে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ । অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে কলিয়াবৰতো কলিয়াবৰ প্ৰেছ ক্লাৱে জিলা আয়ুক্তৰ দ্বাৰা সাংবাদিক নিগ্ৰহৰ ঘটনাক তীব্ৰ গৰিহণা দি মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।  

লগতে এগৰাকী সাংবাদিকক অপৰাধীৰ দৰে আৰক্ষীয়ে চোঁচৰাই দিয়া কাৰ্যকো কঠোৰ ভাষাৰে সমালোচনা কৰে কলিয়াবৰৰ সাংবাদিকসকলে । সাংবাদিকৰ বিৰুদ্ধে এনে অপমানসূচক ব্যৱহাৰ তথা আক্ৰমণ বন্ধ কৰিবৰ বাবেও সংশ্লিষ্ট সকলোকে সকীয়াই দিয়ে কলিয়াবৰ প্ৰেছ ক্লাবৰ সদস্যসকলে । ভৱিষ্যতে সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবেও আহ্বান জনায় সাংবাদিকসকলে । 

লগতে পঢ়ক: নগাঁৱত সাংবাদিক অপদস্থ ঘটনাক লৈ প্ৰতিক্ৰিয়া জিলা আয়ুক্তৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.