UPSC result 2022 : UPSC পৰীক্ষাত পঞ্চম স্থান দখল অসমৰ ময়ূৰ হাজৰিকাৰ - UPSC পৰীক্ষাত পঞ্চম স্থান লাভ
🎬 Watch Now: Feature Video
নগাঁও, 23 মে’ : UPSC পৰীক্ষাত পঞ্চম স্থান লাভ কৰিলে অসমৰ ময়ূৰ হাজৰিকাই (Mayur Hazarika got fifth rank in UPSC 2022) । নগাঁৱৰ এটা ভাড়াঘৰত থাকি UPSC পৰীক্ষাত স্থান লাভ কৰি সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ময়ূৰ হাজৰিকাই । লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰী কৃষ্ণ হাজৰিকা আৰু মৌচুমী হাজৰিকাৰ পুত্ৰ ময়ূৰ হাজৰিকাৰ এই সাফল্যত এতিয়া উৎফুল্লিত হৈ পৰিছে পৰিয়ালটো ।
চিকিৎসা বিজ্ঞানৰ শিক্ষা সম্পন্ন কৰি UPSC ত পঞ্চম স্থান দখল কৰা ময়ূৰ হাজৰিকাই হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাতো স্থান দখল কৰিবলৈ সক্ষম হৈছিল । ইফালে UPSC ত পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হোৱা ডাঃ ময়ূৰ হাজৰিকাৰ পিতৃ কৃষ্ণ হাজৰিকাৰ চকুত দেখা গ’ল আনন্দৰ চকুপানী । পিতৃয়ে উল্লেখ কৰা মতে, ময়ূৰ হাজৰিকা পিতৃ-মাতৃৰ একান্ত বাধ্য সন্তান । বন্ধু বৰ্গৰ মাজতো জনপ্ৰিয় সদ্য ঘোষিত UPSC ত পৰীক্ষাত স্থান প্ৰাপক ময়ূৰ ৷
লগতে পঢ়ক : HSLC result 2023 : ভৱিষ্যতে এগৰাকী পদাৰ্থ বিজ্ঞানী হোৱা মন প্ৰথম স্থান প্ৰাপক হৃদম ঠাকুৰীয়াৰ