ভাগিনীয়েকক দাৰে জধে-মধে ঘপিয়ালে মোমায়েকে

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 2:03 PM IST

Updated : Dec 20, 2023, 3:01 PM IST

thumbnail

গোলাঘাট, 20 ডিচেম্বৰ :  গোলাঘাটৰ তেলিশালত জঘন্য ঘটনা ৷ প্ৰাপ্য ধন বিচৰাৰ বাবে মোমায়েকে দাৰে ঘপিয়ালে নিজ ভাগিনীয়েকক ৷ 

গোলাঘাট আধাৰসত্ৰৰ নিবাসী মহম্মদ কাচিমুদ্দিন নামৰ লোকজনে পুত্ৰক বিদ্যালয়লৈ নি থকা অৱস্থাতে তেলিশালত আগৰে পৰা ৰৈ থকা মোমায়েক চফিকুল হুছেইনে হাতত লৈ থকা নগা দাৰে জধে-মধে আক্ৰমণ কৰে ৷ দাৰ ঘাপত হাত আৰু বুকুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ভাগিনীয়েক কাচিমুদ্দিন । লগে লগে সেই স্থানত উপস্থিত থকা লোকে কাচিমুদ্দিনক তেজেৰে লুটুৰি-পুতুৰি হৈ থকা অৱস্থাত গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ 

আঘাতপ্ৰাপ্ত কাচিমুদ্দিনে অভিযোগ কৰা মতে মোমায়েক চফিকুল হুছেইনৰ পৰা পাবলগীয়া 30 হাজাৰ টকা শেহতীয়াকৈ ঘূৰাই বিচাৰিছিল কাচিমুদ্দিনে ৷ সেইবাবেই এনেদৰে নিৰ্মমভাৱে নগা দাৰে আক্ৰমণ কৰে কাচিমুদ্দিনক । 

এই সমগ্ৰ ঘটনাৰ বিষয়ে গোলাঘাট সদৰ আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ 

লগতে পঢ়ক: ৰাসথলীত প্ৰকাশ্যে পিতা-পুত্ৰক চোকা অস্ত্ৰৰে হানি খুঁচি হত্যা

Last Updated : Dec 20, 2023, 3:01 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.