thumbnail

By

Published : Jun 8, 2023, 3:16 PM IST

ETV Bharat / Videos

Assam Arunachal border firing incident: ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৰুণাচলী লোকক প্ৰৱেশ কৰিবলৈ নিদিয়াৰ হুংকাৰ মটক যুৱ ছাত্ৰ সন্মিলনৰ

ডিব্ৰুগড়, 8 জুন: ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৰুণাচলী লোকক প্ৰৱেশ কৰিবলৈ নিদিয়াৰ হুংকাৰ মটক যুৱ ছাত্ৰ সন্মিলনৰ ৷ অৰুণাচলী লোকে অসম-অৰুণাচল সীমান্তত দুজনকৈ অসমীয়া যুৱকক হত্যা কৰাৰ প্ৰতিবাদত চাবুৱাত নিশা মটক যুৱ ছাত্ৰ সন্মিলনৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ পথ অৱৰোধ কাৰ্যসূচী (Matak Yuva Chatra Sanmilan Protest at Chabua) ৷

শেহতীয়াকৈ অসম-অৰুণাচল সীমান্তত অৰুণাচলী লোকে দুজনকৈ অসমীয়া যুৱকক হত্যা কৰাৰ লগতে তিনিজনকৈ যুৱকক অপহৰণ কৰি নিয়াৰ প্ৰতিবাদত চাবুৱাত নিশা মটক যুৱ ছাত্ৰ সন্মিলনৰ পথ অৱৰোধ (Assam Arunachal border firing incident) ৷ সংগঠনটোৰ শতাধিক কৰ্মীয়ে 37নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে এই ঘটনাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Matak Yuva Chatra Sanmilan Protest) ৷ 

আনহাতে অনাগত সময়ত অসমৰ চহা লোকৰ ওপৰত যদি অৰুণাচলী লোকৰ অত্যাচাৰ অব্যাহত থাকে তেন্তে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৰুণাচলী লোকৰ প্ৰৱেশ কৰিব নিদিয়াৰ হুংকাৰো প্ৰদান কৰিছে সংগঠনটোৱে (Matak Yuva Chatra Sanmilan) ৷

লগতে পঢ়ক: Assam Arunachal border firing incident: লখিমপুৰ-ধেমাজি জিলা বন্ধৰ কাৰ্যসূচী প্ৰত্যাহাৰ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.