Fire at Nalbari: নলবাৰীৰ ধমধমাৰ পেট্ৰ'ল পাম্পত ভয়ংকৰ অগ্নিকাণ্ড - Fire at petrol pump
🎬 Watch Now: Feature Video


Published : Sep 27, 2023, 10:19 PM IST
নলবাৰী,২৭ ছেপ্টেম্বৰ: নলবাৰীৰ ধমধমাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । ধমধমাৰ গুডৱেৰ পেট্ৰ'ল পাম্পত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । পেট্ৰ'ল পাম্পত থকা ডিজিত শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় অগ্নিকাণ্ডটো ৷ অগ্নিকাণ্ডটোৰ ফলত ডিজিটো সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয় ৷ অগ্নিকাণ্ডটোৰ ফলত নিমিষতে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত ।
অগ্নি নিৰ্বাপক বাহিনীয়ে পেট্ৰ'ল পাম্পটোৰ সমীপৰ ৰাইজৰ তৎপৰতাত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে বহু পলমকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হোৱাৰো অভিযোগ উত্থাপন কৰে ৰাইজে ৷ এই ভয়ংকৰ অগ্নিকাণ্ডটোৰ পৰা কোনোমতে ৰক্ষা পৰে পেট্ৰ'ল পাম্পটোকে ধৰি ওচৰ চুবুৰীয়া ৰাইজ ।
লগতে পঢ়ক: Fire in Tinsukia: তিনিচুকীয়াত বিধ্বংসী অগ্নিকাণ্ড, দহৰো অধিক বাসগৃহ ভস্মীভূত