thumbnail

Fire in Sivsagar: শিৱসাগৰত দাউদাউকৈ জ্বলি উঠিল গেছ পাইপ লাইন

By

Published : May 3, 2023, 5:33 PM IST

শিৱসাগৰ,৩ মে': শিৱসাগৰ নগৰত ভয়ংকৰ অগ্নিকাণ্ড(Massive Fire breakout in Sivsagar) । যমুনা ৰোড চাৰিআলিত দাউদাউকৈ জ্বলি উঠিল গেছ পাইপ লাইন । পৌৰকৰ্মীয়ে নৰ্দমা পৰিষ্কাৰ কৰি থকাৰ সময়ত অসাৱধানবশতঃ ফাটিল গেছ কোম্পানীৰ ঘৰুৱা ৰন্ধন গেছৰ পাইপ (Gas pipeline burnt in Sivasagar) । নিমিষতে জুইয়ে আগুৰি ধৰে যমুনা ৰোড চাৰিআলি । প্ৰাণৰ ভয়ত জেচিবি এৰি পলায়ন কৰে অপাৰেটৰে (Fire in Sivsagar) ।  

গেছ পাইপৰ জুইৰ লেলিহান শিখাই আৱৰি লয় কাষৰ দুটাকৈ বাসগৃহ । অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত দুয়োটা বাসগৃহৰ । অগ্নিকাণ্ডৰ ফলত আহত এটি সাতমহীয়া শিশুৰ লগতে এগৰাকী মহিলা । দুয়োকে তাৎক্ষণিকভাৱে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনী আৰু অএনজিচিৰ অগ্নি নিৰ্বাপক বাহিনীয়ে ততাতৈয়াকৈ জুই নিয়ন্ত্ৰণ কৰে যদিও এতিয়াও সম্পূৰ্ণৰূপে জুই নিয়ন্ত্ৰিত হোৱা নাই বুলি জানিব পৰা গৈছে । 

লগতে পঢ়ক: GYPA Conference: বিৰোধী ঐক্য দেখি বুকু কঁপিছে জয়ন্ত আৰু পীযুষৰ; মনোৰঞ্জন তালুকদাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.