Protest against electricity bills:তেজপুৰত প্ৰি প্ৰেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গণ স্বাক্ষৰ অভিযান

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 15, 2023, 3:22 PM IST

তেজপুৰ, ১৫ জুন : অত্যাধিক বিদ্যুতৰ বিল ,নতুন প্ৰি-প্ৰেইড স্মাৰ্ট মিটাৰত ব্যতিব্যস্ত হৈ সমগ্ৰ ৰাজ্যত আৰম্ভ হৈছে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী । অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে সৰ্বসাধাৰণ ৰাইজক হাৰাশাস্তি কৰা বাবে এই প্ৰি-প্ৰেইড স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত তেজপুৰৰ সচেতন নাগৰিক সমাজে গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰিছে ।  

প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধি, স্মাৰ্ট মিটাৰৰ অত্যাধিক বিলৰ বাবে চৰকাৰক সমালোচনা কৰে । তেওঁলোকে স্মাৰ্ট মিটাৰ বন্ধ কৰিবলৈ দাবী জনায় । আনহাতে, অসম চৰকাৰ মূর্দাবাদ ধ্বনিৰে  অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বিৰুদ্ধে তেজপুৰ ক'ৰ্ট চাৰীয়ালিত ৰাজহুৱাকৈ স্বাক্ষৰ গ্ৰহণ কৰে । এই প্ৰসংগত  বিশিষ্ট নাগৰিক চিমি গোস্বামীয়ে স্মাৰ্ট মিটাৰ চৰকাৰে অতি সোনকালে বন্ধ কৰিব লাগে বুলি দাবী জনায় । তেওঁ বৰ্ধিত বিদ্যুৎ মাচুল প্ৰত্য়াহাৰ কৰাৰো দাবী জনায় । স্মাৰ্ট মিটাৰত চৰকাৰে ৩০ পইচাৰ পৰা ৭০ পচালৈ বৃদ্ধি কৰিছে আৰু এই পইচা বৃদ্ধি হৈ ৩-৪ টকা হৈছেগৈ । চৰকাৰক এই ব্যৱস্থাৰ বন্ধ কৰিব লাগে বুলিও তেওঁ দাবী জনায় ।  

লগতে পঢ়ক:Water level of the Subansiri River is rising: যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হ’ব পাৰে সোৱণশিৰিৰ বক্ষত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.