Anan Tanti encounter: আনন তাঁতীক এনকাউণ্টাৰৰ সন্দৰ্ভত আৰক্ষীৰ সংবাদমেল - Margherita rape case accused encounter
🎬 Watch Now: Feature Video
তিনিচুকীয়া, ৫ মে’: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃ্ষ্টি কৰিছিল (Margherita Rape case) ৷ ইয়াৰ পিচতেই বৃহস্পতিবাৰে বিয়লি অৰুণাচলৰ দেউমালিৰ পৰা মাৰ্ঘেৰিটা আৰক্ষীৰ দলে অভিযুক্ত আনন তাঁতীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু আৰক্ষীয়ে আননক লৈ আনি থকাৰ সময়তে আৰক্ষীৰ বাহনৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে অভিযুক্ত আনন তাঁতীৰ ভৰিত দুটাকৈ গুলীৰে থকাৰ সৰকা কৰে আৰক্ষীয়ে ৷ তাৰ পিচতে প্ৰথম মাৰ্ঘেৰিটাৰ চিকিসালয়ত আৰক্ষীয়ে আননক ভৰ্তি কৰে (Margherita rape case accused encounter)৷
শুকুৰবাৰে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমা আৰক্ষী অধীক্ষক হেমন্ত বড়োৱে মাৰ্ঘেৰিটা আৰক্ষী থানাত এখন সংবাদমেল সম্বোধন কৰে (Margherita Police press meet) । আৰক্ষী বিষয়াগৰাকীয়ে ধৰ্ষণকাৰী আনন তাঁতীৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰি ফাষ্ট্ৰেক আদালতৰ জৰিয়তে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰখা বুলি জানিব দিয়ে (Anan Tanti Encounter) ৷
অনাগত ৩০ দিনৰ ভিতৰত ঘটনা সন্দৰ্ভত অভিযোগনামা দাখিল কৰিব বুলি জানিবলৈ দিয়ে ৷ ইয়াৰ সমান্তৰালকৈ আনন তাঁতীৰ পত্নীকো আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে, ইয়াৰোপৰি আনন তাঁতীৰ ১৩ বছৰীয়া পুত্ৰকো বিচাৰি তদন্ত অব্যাহত আছে বুলি জনায় আৰক্ষীয়ে ৷ সম্প্ৰতি আনন তাঁতী সুস্থ অৱস্থাত আছে বুলি আৰক্ষীগৰাকীয়ে জনায় ৷