Food poison in Goalpara : গোৱালপাৰাত আদ্যশ্ৰাদ্ধৰ ভোজ খাই চিকিৎসাধীন 60 গৰাকী লোক

By

Published : May 11, 2023, 1:53 PM IST

thumbnail

গোৱালপাৰা, 11 মে’ : গোৱালপাৰা জিলাৰ ধূপধৰাত হাহাকাৰ । ধূপধৰাৰ মৰিয়ামপুৰত খাদ্যত বিষক্ৰিয়া হৈ পুৰুষ-মহিলা আৰু শিশুসহ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে 60 গৰাকী লোক (Many villagers hospitalized due to food poisoning in Goalpara)। তথ্য অনুসৰি, বুধবাৰে মাৰিয়ামপুৰত এগৰাকী বৃদ্ধাৰ মৃত্যুৰ বাবে আয়োজন কৰা হৈছিল আদ্যশ্ৰাদ্ধ ৷ এই আদ্যশ্ৰাদ্ধৰ ভোজ খোৱাৰ পিচতে অসুস্থ হৈ পৰে গাঁওখনৰ অধিকাংশ পুৰুষ-মহিলাসহ কেবাটাও শিশু ।

তাৰ পাচতে ততাতৈয়াকৈ অসুস্থ গাঁওবাসীক গোৱালপাৰা ধূপধৰাৰ বিকালী আদৰ্শ চিকিৎসালয়, ৰংজুলি চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয় ৷ আনকি কেবাজনো লোকক উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰা হয় । আদ্যশ্ৰাদ্ধৰ এই ভোজত দিয়া চালানী মাছ খোৱাৰ বাবে গাঁওখনৰ অধিকাংশ লোক অসুস্থ হোৱা বুলি সন্দেহ কৰা হৈছে । অসুস্থসকলৰ ভিতৰত কেইগৰাকীমান লোকৰ স্বাস্থ্য অতি গুৰুতৰ বুলি জানিব পৰা গৈছে (Goalpara food poisoning news)।

বৰ্তমান পৰ্যন্ত বিকালী আদৰ্শ চিকিৎসালয়ত অসুস্থ কেবাজনো লোকক চিকিৎসা প্ৰদান কৰা হৈ আছে ৷ জানিব পৰা মতে, ৰংজুলি চিকিৎসালয়ত ভৰ্তি কৰা হৈছে 20 গৰাকী ব্যক্তি ৷

লগতে পঢ়ক : Poisonous mushrooms reaction : বিষাক্ত কাঠফুলাৰ বাবেই নিঠৰুৱা হৈ পৰিল এটি আঠমহীয়া দেৱশিশু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.