Mahapurush MadhabDev tithi: মাধৱ গুৰুজনাৰ জন্মস্থান লেটেকুপুখুৰীত অগণন ভকতৰ ভিৰ - ৪২৭ সংখ্যক তিৰোভাৱ তিথি
🎬 Watch Now: Feature Video


Published : Sep 4, 2023, 12:51 PM IST
বিহপুৰীয়া, 4 ছেপ্টেম্বৰ :
‘‘মুক্তিতো নিস্পৃহ যিটো সেহি ভকতক নমো
ৰসময় মাগোহো ভকতি ।
সমস্ত মস্তক মণি নিজ ভকতৰ বশ্য
ভজো হেন দেৱ যদুপতি।।’’
আজি মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ আজি ৪২৭ সংখ্যক তিৰোভাৱ তিথি । ৰাজ্যৰ সত্ৰ-নামঘৰসমূহত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে গুৰুজনাৰ তিৰুভাৱ তিথি । মহাপুৰুষজনাৰ জন্মস্থান লেটেকুপুখুৰীটো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে তিৰোভাৱ তিথি ।
পুৱা উষা কীৰ্তনেৰে শুভাৰম্ভ হোৱা কাৰ্যসূচী অনুসৰি গছপুলি ৰোপণ, নাম প্ৰসংগ, গুৰুবাদ্য প্ৰদৰ্শন, নাম সমাৰোহ আদিৰে গুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰা হয় । গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে ইতিমধ্যে জন্মস্থান লেটেকুপুখুৰীত অগণন ভকত বৈষ্ণৱে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : Tithi of Sri Sri Madhab Dev : হৰি নামৰ ধ্বনিৰে মুখৰিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ বাকৰি