Durga Puja 2023 : লোকাৰণ্য হৈ পৰিছে ধেমাজিৰ পূজা মণ্ডপসমূহ - লোকাৰণ্য হৈ পৰিছে ধেমাজিৰ পূজা মণ্ডপসমূহ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 7:35 PM IST

ধেমাজি, 23 অক্টোবৰ : লোকাৰণ্য হৈ পৰিছে ৰাজ্যৰ পূজা মণ্ডপসমূহ ৷ সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজিৰ বিভিন্ন প্ৰান্তত দুৰ্গোৎসৱক লৈ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে । মহা অষ্টমী আৰু নৱমীৰ নিশাৰ ভাগত ধেমাজি নগৰৰ প্ৰতিখন পূজা মণ্ডপত অগণন ভক্তৰ সমাৱেশ ঘটা দেখিবলৈ পোৱা গৈছে ৷

বিশেষকৈ ধেমাজি নগৰৰ ঐতিহ্যমণ্ডিত সাৰ্বজনীন বিষ্ণু মন্দিৰত ভক্তিৰসত বিলিন হৈ পৰিছে ভক্তসকল ৷ বৈদিক ৰীতি-নীতিৰ মাজেৰে প্ৰতিখন পূজা মণ্ডপতে মা দুৰ্গাৰ আৰাধনা কৰা দেখিবলৈ পোৱা গৈছে ৷ এইবোৰৰ উপৰিও ধেমাজি তিনিআলিত ৰাষ্ট্ৰীয় পক্ষী ময়ুৰ চৰাই আৰ্হিৰে নিৰ্মাণ কৰা হৈছে দুৰ্গা পূজাৰ মণ্ডপ ৷

প্ৰতিটো দুৰ্গা পূজাৰ মণ্ডপৰ সুশোভিত আলোকসজ্জাই মুগ্ধ কৰিছে সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজক ৷ একপ্ৰকৰে ধেমাজি নগৰত দুৰ্গোৎসৱৰ ব্যাপক উচাহ দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক : Durga Puja in Guwahati : বৈদিক ৰীতি-নীতিৰে চান্দমাৰীত অনুষ্ঠিত দুৰ্গা পূজা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.