Wife Tied Up With chain : মৰমৰ ডোলেৰে নোৱাৰি লোৰ শিকলিৰে নিজকে বান্ধি থ’লে পত্নীৰ লগত - বাল্য বিবাহ কৰি গ্ৰেপ্তাৰ
🎬 Watch Now: Feature Video
চামগুৰি, 8 ফেব্ৰুৱাৰী : সাত জনমলৈ একেলগে থকাৰ শপত লৈ এটা যুগো একেলগে থাকিব নোৱাৰিলে পত্নী ৷ সুখে-দুখে আমি দুয়ো এক হৈ থাকিম বুলি কৈ তিনিটা সন্তান জন্ম দিয়েই বাৰে-বাৰে পত্নী গুচি যায় আন পুৰুষৰ সান্নিধ্য বিচাৰি ৷ দাম্পত্য জীৱনলৈ দুৰ্যোগ নামি অহাত হাফিজুল হাৰি গ’ল পত্নীক মৰমৰ এনাজৰীৰে বান্ধি ৰখাত ৷ সেয়ে শিকলিৰে পত্নীক বান্ধি তলা লগাই এতিয়া সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে হাফিজুল ৷
ঘটনাটো মৰ্মান্তিকৰ লগতে সততে নেদেখা-নুশুনা ৷ ২০১৩ চনতে সুখৰ সংসাৰৰ সপোন দেখি বিবাহপাশত আৱদ্ধ হৈছিল বৰমাৰ হাফিজুল ৷ প্ৰায় চাৰিটা বছৰত তেওঁলোকৰ জন্ম হ’ল তিনিটা সন্তান ৷ তিনিও সন্তান এতিয়া বিদ্যালয়ৰ ছাত্ৰ ৷ সেইখিনিলৈকে সকলো ঠিকেই আছিল ৷ কিন্তু হঠাৎ সংসাৰত লাগিল কেৰোণ ৷ কিবা কাৰণত স্বামীৰ ওপৰত নাৰাজ হৈ সন্তান এৰি গুচি গ’ল পত্নী ৷ গুচি গৈ আন এজন বিবাহিত লোকৰ সৈতে সংসাৰৰ সপোন দেখিলে তিনি সন্তানৰ মাতৃগৰাকীয়ে ৷
সন্তানক এৰি নতুনকৈ সংসাৰ গঢ়িলেও মাজে-সময়ে সেইখন সংসাৰতো দেখা দিয়ে পয়মালে ৷ নতুন স্বামীয়ে অত্যাচাৰ কৰিলেই পুৰণি স্বামী আৰু সন্তানৰ কাষলৈ ঢপলিয়াই যায় তিনি সন্তানৰ মাতৃ ৷ দুদিনমানৰ পাছতে নতুন স্বামীয়ে ব্লেকমেইলিং কৰিলেই পুনৰ গুচি যায় ৷ এনেদৰে ইঘৰৰ পৰা সিঘৰলৈ অহা-যোৱা কৰি থকাত বুধবাৰে অতিষ্ঠ হৈ পৰিল পুৰণি স্বামী হাফিজুল ৷
মৰমৰ ডোলেৰে বান্ধিব নোৱৰা পত্নীক বান্ধি ৰাখিবলৈ হাফিজুলে ল’লে বিশেষ ব্যৱস্থা ৷ এডাল শিকলিৰ এমূৰত পত্নীক বান্ধি আনটো মূৰত নিজকে বান্ধি থ’লে হাফিজুলে (Wife Tied Up With chain at Samaguri)৷ লোৰ শিকলিৰে পত্নীৰ লগত বান্ধ খাই থানা (Samaguri Police Station) পালেগৈ হাফিজুল ৷ ইফালে হাফিজুলৰ বিৰুদ্ধেও পত্নীয়ে অভিযোগ বৰষালে কেমেৰাৰ সন্মুখত ৷ হাফিজুলে পত্নীক অত্যাচাৰ কৰাৰ বাবেহে বেলেগৰ কাষলৈ গুচি যায় বুলি জানিবলৈ দিয়ে পত্নীয়ে ৷
এফালে বাল্য বিবাহ কৰি গ্ৰেপ্তাৰ হোৱা স্বামীক বিচাৰি কান্দোনত ভাগি পৰিছে ৰাজ্যৰ বহু পত্নী (Crackdown on child marriage Assam)৷ আত্মহত্যাৰ দৰে পন্থাও বাচি ল’লে কোনোৱে ৷ তেনে সময়ত এজন স্বামীয়ে তিনি সন্তানৰ মাতৃক লোৰ শিকলিৰে বান্ধি ৰাখিবলগীয়া হোৱা ঘটনাই চামগুৰিৰ লগতে সমগ্ৰ ৰাজ্যতে বিশেষ চৰ্চা লাভ কৰিছে ৷
লগতে পঢ়ক : Crackdown on Child Marriage: আশাকৰ্মীক প্ৰত্যাহাৰ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ বিধায়ক অতুল বৰাৰ পত্ৰ