Manikpur Manhandling : ৰাজপথত গুণ্ডাগিৰী! সামান্য কথাতে দুই ব্যক্তিয়ে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে এজনক

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 3:00 PM IST

thumbnail

মাণিকপুৰ,5 ছেপ্টেম্বৰ : মাণিকপুৰত চাঞ্চল্যকৰ ঘটনা ৷ ৰাজপথত গুণ্ডাগিৰী দুই ব্যক্তিৰ ৷ গুৰুলা গুৰুলাকৈ প্ৰহাৰ কৰে এজন ব্যক্তিক ৷ জানিব পৰা মতে সামান্য কথাতে দুই ব্যক্তিয়ে মিলি প্ৰহাৰ কৰিলে এজন ব্যক্তিক ৷ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাণ্ডাৰাত এই ঘটনা সংঘটিত হয় ৷ অভিযোগ অনুসৰি শংকৰ সুত্ৰধৰ নামৰ ব্যক্তিজনে দীৰ্ঘদিন ধৰি ভাণ্ডাৰাৰ বিভিন্ন দোকানত কাম কৰি আহিছে ৷ কিন্তু সোমবাৰে সন্ধিয়া সামান্য কথাতে ময়নাল হক আৰু কদ্দুছ আলীয়ে প্ৰহাৰ কৰে শংকৰ সুত্ৰধৰক । 

ফলত গুৰুতৰভাবে আহত হয় শংকৰ সুত্ৰধৰ ৷ ৰাজপথত শংকৰ সুত্ৰধৰক প্ৰহাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ ইফালে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ময়নাল আৰু কদ্দুছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:Sub-District Demand: মাণিকপুৰক উপ জিলা হিচাবে ঘোষণাৰ দাবী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.