Extra marital affair : পৰকীয়া প্ৰেমৰ বাবেই প্ৰাণ হেৰুৱালে শুকুৰ আলীয়ে - murder case in Assam

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 5:40 PM IST

মানিকপুৰ, 12 ছেপ্টেম্বৰ : বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সোণাইকোলাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰিণতিৰ ভয়ংকৰ পৰিণতি ৷ স্বামীৰ চুৰিৰ আঘাতত পত্নীৰ তথাকথিত প্ৰেমিকৰ মৃত্যু। 

মঙলবাৰে পুৱা সোণাইকোলাত সংঘটিত হোৱা এই ঘটনাত আব্দুল গফুৰ  (32) নামৰ লোকজনে ২ নং কাৱাদীৰ শুকুৰ আলী (50) ক হত্যা কৰে ৷ আব্দুল গফুৰৰ ঘৰ অভয়াপুৰী থানাৰ অন্তৰ্গত আমবাৰীত কিন্তু কৰ্মসূত্ৰে তেওঁ পৰিয়ালৰ লহত চিৰাং জিলাৰ কাজলগাঁৱত বাস কৰে ৷ 

ঘটনা সংঘটিত হোৱাৰ লগে লগে দুয়োকে মাণিকপুৰ আদৰ্শ মহাত্মা গান্ধী চিকিৎসালয়লৈ লৈ অনা হয় যদিও শুকুৰ আলীক চিকিৎসকে মৃত বুলি ঘোষণা কৰে। আব্দুল গফুৰক প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে মাণিকপুৰ আৰক্ষীৰ তত্ত্বাৱধানত বৰপেটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । মৃত ব্যক্তিগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰা হৈছে । 

ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তত কি পোহৰলৈ আহে এতিয়া সেয়াহে লক্ষনীয় হ’ব ।

লগতে পঢ়ক: Dibrugarh road accident: ডিব্ৰুগড়ৰ দুৰ্ঘটনাৰ পিচতে মুখ্যমন্ত্ৰীৰ অধীনত থকা লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.