Accident in Khowang: খোৱাং দুলীয়া ডিমৌত ৰে’লৰ খুন্দাত এজন নিহত

By

Published : May 7, 2023, 11:24 AM IST

thumbnail

ডিব্ৰুগড়, 7 মে’: ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত মৰাণৰ খোৱাং দুলীয়া ডিমৌত ৰে’লৰ খুন্দাত এজন নিহত ৷ শনিবাৰে বিয়লি সংঘটিত হয় এই ঘটনা ৷ নিহত লোকজন খোৱাং কাৱৈমাৰী মাজুলী গাঁৱৰ প্ৰণৱ কলিতা বুলি জানিব পৰা হৈছে (Man dies afterb being hit by train engine at khowang) ।  

ৰে’ল আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, ডিব্ৰুগড়ৰ পৰা শিমলুগুৰিলৈ যোৱা এখন ৰে’লৰ ইঞ্জিনৰ আগত পৰি লোকজনৰ মৃত্যু হয় (Young Man Died After Being Hit by Train) । নিহত লোকজন সোণাৰি জুনিয়ৰ কলেজৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত হৈ আছিল বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত খোৱাং আৰক্ষীৰ লগতে ৰেল'ৱে আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে (Accident in Khowang)। 

লগতে পঢ়ক: Dr Sangeeta Dutta case : গ্ৰেপ্তাৰ হ’ল পলাতক চিকিৎসক ডাঃ সংগীতা দত্ত 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.