Man commits suicide in Guwahati: গীতানগৰ হাইস্কুলৰ বাৰান্দাত আত্মহত্যা এজন লোকৰ - Man commits suicide

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 7, 2023, 4:09 PM IST

গুৱাহাটী, 7 জুন: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দিনাই মহানগৰীত সংঘটিত হ’ল এক অঘটন ৷ গীতানগৰ হাইস্কুলৰ প্ৰথম মহলাৰ বাৰান্দাত উদ্ধাৰ এজন লোকৰ মৃতদেহ ৷ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো ৷ মৃত লোকজন গীতানগৰৰ আমাৰ পথৰ নিবাসী মিণ্টু কলিতা(38) বুলি চিনাক্ত কৰা হৈছে (Man commits suicide at Geetanagar in Guwahati) ৷

মঙলবাৰে পুৱাৰ ভাগত বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী থবলৈ অহাৰ সময়ত একাংশ অভিভাৱকে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ ইয়াৰ পিছতে হুৱা-দুৱা লাগে বিদ্যালয় চৌহদত ৷ ঘটনা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই গীতানগৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ লগতে প্ৰশাসনৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মাৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে (Man commits suicide at Geetanagar) ৷  

ইফালে মৃত লোকজনৰ পৰিয়ালৰ অভিযোগ অনুসৰি পত্নীৰ নিৰ্যাতনত অতিষ্ঠ হৈ আত্মহত্যাৰ পথ বাছি ললে লোকজনে (Man commits suicide in Guwahati)  ৷ পত্নীয়ে সাধাৰণ কথাত স্বামী মিণ্টু কলিতাক বিগত চাৰি বছৰ ধৰি প্ৰহাৰ কৰি আহিছিল বুলি অভিযোগ কৰিছে মৃত ব্যক্তিজনৰ আত্মীয়ই ৷ সোমবাৰে নিশাৰ ভাগতো পত্নীয়ে স্বামী মিণ্টু কলিতাক প্ৰহাৰ কৰিছিল বুলি জানিব পৰা গৈছে ৷ অভিযোগ অনুসৰি প্ৰায়েই স্বামী আৰু স্ত্ৰীৰ মাজত ঘৰুৱা কাজিয়া হৈ আছিল (Man commits suicide) ৷ 

লগতে পঢ়ক: Wild elephant attack in Raha: আমচৈত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত ১ জন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.