thumbnail

By

Published : Apr 14, 2023, 10:04 PM IST

ETV Bharat / Videos

Mala seva parb in Majuli: ঐতিহাসিক দক্ষিণপাট সত্ৰত মালা সেৱা পৰম্পৰা সম্পন্ন

মাজুলী, 14 এপ্ৰিল : আজি গৰু বিহু (Garu Bihu celebrates in Asaam) । সমগ্ৰ ৰাজ্যত ৰঙালীক লৈ উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে । সত্ৰ নগৰী মাজুলীতো ৰঙালী বিহুক লৈ ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে । মাজুলীৰ ঐতিহাসিক দাক্ষিণপাট সত্ৰত সত্ৰৰ প্ৰতিষ্ঠা দিনৰ পৰা প্ৰতিটো বিহুৰ দোমাহীৰ দিনা মালা সেৱা পৰ্ব অনুষ্ঠিত কৰা হয় (Mala seva parb celebrates in Majuli) ।

সত্ৰৰ বৈষ্ণৱসকলে যিকোনো বিহুৰ দোমাহীৰ দিনা গুৰুৰ ওচৰত দুডাল মালা দি সেৱা লয় আৰু তাৰে এডাল মালা গুৰুৱে গ্ৰহণ কৰে আৰু আন ডাল মালা গুৰুৱে গ্ৰহণ কৰাৰ পাচত ঘূৰাই দিয়ে ভকতসকলক । পূৰ্বৰ পৰম্পৰা অনুসৰি আজি ঐতিহাসিক দক্ষিণপাট সত্ৰত মালা সেৱা পৰম্পৰা অনুষ্ঠিত হয় । সত্ৰৰ চাৰিহাটী ভকতসকলে সত্ৰৰ নামঘৰ ত সেৱা লয় সত্ৰাধিকাৰ প্ৰভুৰ ওচৰত । পুৱা পূজা অৰ্চনা, নাম প্ৰসংগৰ পাচতে ঐতিহাসিক সত্ৰখনৰ ভকতসকলে নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে সকলোৱে ল’লে মালা সেৱা ।

লগতে পঢ়ক : Goru Bihu 2023 : গধূলিলৈ গো-ধনক আদৰিবলৈ সাজু বিশ্বনাথবাসী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.