সৰিয়হ খেতিৰে স্বাৱলম্বী মাজুলীৰ লাকু কলিতা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 2:30 PM IST

মাজুলী, 12 ডিচেম্বৰ: হালধীয়া আৱৰণেৰে আৱৰিছে সত্ৰ নগৰী মাজুলীৰ গায়ন গাঁৱৰ আগৰ চাপৰি । সৰিয়হৰ হালধীয়া ফুলে এতিয়া হিয়া জুৰাইছে মাজুলীৰ কৃষকৰ । যি সময়ত কৰ্মসংস্থাপন বিচাৰি ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক নিজ ৰাজ্য এৰি আন আন ৰাজ্য লৈ গতি কৰিছে, সেই সময়ত মাজুলীৰ গায়ন গাঁৱৰ লাকু কলিতা নামৰ লোকজনে নিজৰ গাঁৱৰ সন্মুখৰ চাপৰিত আৰম্ভ কৰিছে কৃষি বিপ্লৱ । 

গায়ন গাঁৱৰ লাকু কলিতা নামৰ যুৱকজনে চাপৰিত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ খেতি কৰি পৰিয়াল পোহপাল দি আহিছে । এইবাৰ এই যুৱকজনে 30 বিঘা মাটিত সৰিয়হৰ খেতি কৰিছে । চৰকাৰী কোনো সা-সুবিধা লৈ ৰৈ নাথাকি এই কৃষকজনে নিজৰ গাঁঠিৰ ধন ভাঙি এই সৰিয়হৰ খেতি কৰিছে । নিজৰ কপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা লহপহকৈ বাঢ়ি অহাত চহা কৃষকজনৰ মুখত হাঁহি বিৰিঙি উঠিছে ।

মাজুলীৰ এইজন কৃষক এতিয়া হৈ পৰিছে আন দহজন লোকৰ বাবে এক আদর্শ । কৃষিকাৰ্যৰ দ্বাৰা লাকু কলিতাই নিজৰ পৰিয়ালটো সুন্দৰভাৱে পোহপাল দি আহিছে বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমৰ আগত । কৰ্মসংস্থাপনৰ সন্ধানত হাবাথুৰি খাই থকাসকলকো সফল কৃষকজনে কৃষিকাৰ্যত মনোনিৱেশ কৰিবলৈ আহ্বান জনায় ৷ 

লগতে পঢ়ক: Raijor dal slams BJP govt: বিজেপি চৰকাৰে নিবনুৱাক গিনিপিগ সজোৱাৰ অভিযোগ ৰাইজৰ দলৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.