Road accident in Jalukbari: চকুপানীৰে বাট নেদেখা হৈছে ৰাজকিৰণৰ পৰিয়ালে - ৰাজকিৰণ ভূঞা
🎬 Watch Now: Feature Video
মাজুলী, 30 মে’ : অভিশপ্ত দেওবাৰৰ নিশাৰ পথ দুৰ্ঘটনাই নিমিষতে থান-বান কৰি পেলালে সাতোটিকৈ পৰিয়ালৰ মুখৰ হাঁহি (AEC student died in a road accident in Guwahati) ৷ নিয়তিয়ে কাঢ়ি লৈ গ’ল প্ৰতিভাসম্পন্ন সাতটা জীৱন ৷ সেই পৰিয়ালকেইটাত এতিয়া বিৰাজ কৰিছে জীৱনটোলৈ পূৰ হ’ব নোৱাৰা শূণ্যতাই ! মাজুলীৰ বাসিন্দা অতিকে অমায়িক ৰাজকিৰণৰ ঘৰুৱা পৰিৱেশ শব্দেৰে প্ৰকাশ কৰিব নোৱাৰা ৷
মাজুলীৰ কমলাবাৰীৰ সূৰ্য্য কুমাৰ ভূঞা আৰু ৰিংকু মনি ভূঞাৰ একমাত্ৰ ল’ৰা আছিল ৰাজকিৰণ ভূঞা । দেওবাৰৰ নিশা গুৱাহাটীৰ জালুকবাৰীত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ জনকৈ ছাত্ৰই মৃত্যুক সাবটি লয় (AEC student died in a road accident) । এই ৭ জনৰ ছাত্ৰৰ ভিতৰত ৰাজকিৰণ ভূঞাও আছিল ।
এই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যুক সাবটি লোৱা ৰাজকিৰণ ভূঞাৰ নশ্বৰ দেহ নিজ বাসগৃহত আহি পোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে । ৰাজকিৰণ ভূঞাৰ আকস্মিক মৃত্যুত ম্ৰিয়মান সকলো আত্মীয় (Majuli Rajkiran Bhuyan) । মাজুলীৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান তথা মাজুলী জিলা প্ৰশাসনে ৰাজকিৰণ ভূঞালৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এজন প্ৰতিভাবান ছাত্ৰক হেৰুৱাই শোকত ভাগি পৰিছে সকলো ।
লগতে পঢ়ক : Road Mishap at Jalukbari: AEC কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই জালুকবাৰীত পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ