Gandhi Jayanti 2023: মহামানৱ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন অসম সাহিত্য সভাৰ - অসম সাহিত্য সভা
🎬 Watch Now: Feature Video


Published : Oct 2, 2023, 1:45 PM IST
তিনিচুকীয়া, 2 অক্টোবৰ : আজি মহামানৱ মহাত্মা গান্ধীৰ জন্ম দিন ৷ সমগ্ৰ দেশে আজিৰ দিনটো পালন কৰে গান্ধী জয়ন্তী ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়াৰ ডুমডুমাতো পালন কৰে গান্ধী জয়ন্তী ৷ ডুমডুমা নাট্য মন্দিৰ প্ৰাংগণত হোৱা অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভাৰ পূৰ্বে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত ধূপ-চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মহামানৱগৰাকীলৈ ৷
আনহাতে ডুমডুমাত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ চলিত কাৰ্যকালৰ তৃতীয় পূৰ্ণাংগমূলক কাৰ্যনিৰ্বাহক সভাখন ৷ দ্বিতীয় দিনাৰ সভা আৰম্ভ হোৱাৰ পূৰ্বে অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাৰ লগতে কেন্দ্ৰীয় নেতৃবৃন্দই মহামানৱগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
অসম সাহিত্য সভাৰ চলিত কাৰ্যকালৰ তৃতীয় পূৰ্ণাংগমূলক কাৰ্যনিৰ্বাহক সভাতে আগন্তুক কাৰ্য বৰ্ষৰ বাবে বিভিন্ন দিশৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷
দুদিনীয়াকৈ আয়োজিত এই কাৰ্যসূচীত দেওবাৰে প্ৰথম দিনা পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পনেৰে আৰম্ভ হয় ৷ পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাই, স্মৃতি তৰ্পন আগবঢ়াই অসম সাহিত্য সভাৰ উপ-সভাপতি ডাঃ গিৰীশ সন্দিকৈয়ে ৷