Mahashtami Puja in Dhemaji: ধেমাজিৰ ঐতিহ্যমণ্ডিত কামেশ্বৰী আই থানত আধ্যাত্মিক পৰিৱেশ - কামেশ্বৰী আই থান দুৰ্গা পূজা
🎬 Watch Now: Feature Video
Published : Oct 22, 2023, 4:54 PM IST
|Updated : Oct 22, 2023, 7:25 PM IST
ধেমাজি, 22 অক্টোবৰ : আজি মহা অষ্টমী । ৰাজ্যৰ অনান্য প্ৰান্তৰ লগতে ধেমাজিতো দেখা গৈছে পূজা মণ্ডপসমূহত ভক্তৰ ভিৰ ৷ ইয়াৰ মাজতে কিছু ব্যতিক্ৰমী পৰিৱেশ দেখা গ’ল শ্ৰী শ্ৰী আই কামেশ্বৰী থানত ৷ শাৰদীয় দুৰ্গা পূজাৰ মহা অষ্টমীৰ দিনটোত হাহঁ, পাৰ, ছাগলী, শৰাই লৈ পুৱা ভাগৰে পৰা অগনন ভক্তই ভিৰ কৰা পৰিলক্ষিত হ’ল ধেমাজিৰ বঙালমাৰীস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আই কামেশ্বৰী থানত ৷ উল্লেখ্য যে, থানখনত বৃহত্তৰ অঞ্চলটোৰ দহ-বাৰখন গাঁৱৰ ৰাইজ একত্ৰিত হৈ আঞ্চলিকভিত্তিত দুৰ্গা পূজা উদযাপন কৰি আহিছে ৷ উক্ত দুৰ্গা পূজা এইবেলি ৬৪ বছৰত উপনীত হৈছে ৷ লোক বিশ্বাস অনুসৰি আই কামেশ্বৰী থানৰ পূজাত নৈবদ্য আগবঢ়াই দুৰ্গা দেৱীৰ চৰণত শৰণ ল’লে ভক্তসকলৰ মনোকামনা পূৰ্ণ হয় ৷
লগতে পঢ়ক: Mahashtami Puja at Teok: মহাষ্টমী উপলক্ষে জাঁজী হাঁহচৰা সাৰ্বজনীন দুৰ্গোৎসৱস্থলীত অগণন ভক্তৰ সমাৱেশ