thumbnail

By

Published : Feb 19, 2023, 7:54 AM IST

ETV Bharat / Videos

Mahashivratri 2023 in Kaliabor: শ্ৰী শ্ৰী চিত্ৰশংকৰ দেৱালয়ত মহাশিৱৰাত্ৰি পালন

কলিয়াবৰ, ১৯ ফেব্ৰুৱাৰী: শনিবাৰে মহাদেৱৰ বন্দনাৰে বন্দিত হয় দেশৰ আন প্ৰান্তৰ লগতে ৰাজ্যৰ আকাশ-বতাহ (MahaShivratri Mahotsav celebrated in India)। নীলকণ্ঠ মহাদেৱৰ আশীষ বিচাৰি ভক্তই ভিৰ কৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিৱ মন্দিৰসমূহত । সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো শনিবাৰে উলাহ-মালহেৰে মহাশিৱৰাত্ৰি পালন কৰা হয় । কলিয়াবৰৰ শিৱ মন্দিৰবোৰতো পুৱাৰে পৰাই ভক্তসকলে ভিৰ কৰে । পূজা-অৰ্চনাৰ বাবে শৰাই-নৈবদ্য আগবঢ়াই ভক্তসকলে (Mahashivratri 2023 celebrated in assam)। যুৱতী-মহিলা সকলে পুৱাৰে পৰা চাকি-বন্তি প্ৰজ্বলন কৰি নিজৰ নিজৰ মনোবাঞ্চা পূৰণৰ বাবে পূজা-অৰ্চনা কৰে । আন ঠাইৰ লগতে কলিয়াবৰৰ ঐত্যিহাসিক শ্ৰীশ্ৰী চিত্ৰশংকৰ দেৱালয়তো মহাশিৱৰাত্ৰি উদযাপন কৰা হয় (Sri Sri Chitrashankar Devalaya) ।  

১৭৩২ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ দিনতে নিৰ্মাণ কৰা শ্ৰীশ্ৰী চিত্ৰশংকৰ দেৱালয়ত পুৱাৰে পৰাই ভক্তৰ আগমন ঘটে (Sri Sri Chitrashankar Devalaya in Kaliabar) । ভক্তসকলে ধূপ, দ্বীপ, নৈবদ্যৰে মনৰ কামনা পূৰণৰ বাবে মহাদেৱৰ ওচৰত আঁঠু লয় । তদুপৰি ঐতিহাসিক নন্দনিকেশ্বৰ দেৱালয়, অম্বিকানাথ দেৱালয়, বানেশ্বৰ দেৱালয়, ত্ৰিশূলধাৰী মন্দিৰতো মহাশিৱৰাত্ৰি  পালন কৰে ভক্তপ্ৰাণ ৰাইজে (Mahashivratri in Nandnikeshwar Devalaya) ।  

উল্লেখ্য় যে, মহাশিৱৰাত্ৰি ভাৰতীয় হিন্দু ধৰ্মৰ এটা ধৰ্মীয় উৎসৱ । হিন্দু ধৰ্মৰ দেৱতা শিৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতিবছৰে এই উৎসৱ পালন কৰি অহা হৈছে । হিন্দু দিনপঞ্জী অনুসৰি প্ৰতিমাহৰে ত্ৰয়োদশ ৰাতি আৰু চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰিৰ তিথি পৰে । কিন্তু বছৰত এবাৰকৈ ফাগুনত  মহাশিৱৰাত্ৰিৰ আয়োজন কৰা হয় । হিন্দুসকলৰ এই গুৰুত্বপূৰ্ণ উৎসৱটোত জীৱন আৰু বিশ্বৰ অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰাৰ পণ স্মৰণ কৰা হয় । ইয়াত ভক্তসকলে শিৱৰ আৰতি পাঠ, উপবাস, যোগ আদি নিয়ম পালন কৰে (Shivratri in India) । 

কোনো কোনোৱে শিৱ মন্দিৰ বা জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ যায় । এই প্ৰাচীন হিন্দু উৎসৱৰ আৰম্ভণিৰ তাৰিখ সম্পৰ্কে কোনো নিশ্চিত তথ্য় পোৱা নাযায় । একাংশ যোগীৰ মতে, মহাশিৱৰাত্ৰিৰ দিনাই শিৱই হলাহল পান কৰি পৃথিৱী ৰক্ষা কৰিছিল । স্কন্দ পুৰাণ, লিংগ পুৰাণ আৰু পদ্ম পুৰাণ আদি পুৰাণত মহাশিৱৰাত্ৰিৰ বিষয়ে  উল্লেখ কৰা হৈছে । এইবোৰ মধ্যযুগীয় পাঠত উৎসৱটোৰ লগত জড়িত বেলেগ বেলেগ কিংবদন্তি আছে । কিন্তু সকলোতে উপবাস আৰু শিৱৰ প্ৰতীক যেনে লিংগৰ প্ৰতি সন্মান প্ৰদৰ্শন উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক:Shiva idol unveiled in Nalbari: শিৱমূৰ্তি উন্মোচন কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ বশিষ্ঠ বুজৰবৰুৱা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.