ধেমাজি, ১৯ ফেব্ৰুৱাৰী: সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজি জিলাৰ ঐতিহ্যমণ্ডিত ঘূগুহা দ'লত তিনিদিনীয়াকৈ মহাশিৱৰাত্ৰি পালন কৰা হৈছে (Maha shivratri 2023 celebrated in assam) ৷ ঘূগুহা উন্নয়ন কমিটীৰ উদ্যোগত ঐতিহাসিক ঘুগুহা দ'লত তিনিদিনীয়াকৈ অনুষ্ঠিত ৭১তম শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি মহোৎসৱত হাজাৰ হাজাৰ ভক্তই ভিৰ কৰে (Maha Shivratri Mahotsav at Ghuguha Doul) ৷ নীলকণ্ঠ মহাদেৱৰ আশীষ বিচাৰি শনিবাৰে ঘুগুহা দ'লত পুৱাৰে পৰাই ভক্তসকলে ভিৰ কৰে ।
কাৰ্যসূচী অনুসৰি প্ৰথম দিনা ৭১তম শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি মহোৎসৱ উপলক্ষে বন্তি প্ৰজ্বলন কৰাৰ লগতে নৱনিৰ্মীত লিংগ উদ্বোধন কৰা হয় (Maha Shivratri Mahotsav celebrated in Dhemaji) ৷ সন্ধিয়া স্থানীয় ঘূগুহা মহিলা হৰিনাম দল, চক্ৰপাণি হৰিনাম দল আৰু কুঁৱৰীবিল হৰিনাম দলে নাম পৰিৱেশন কৰে ৷ শনিবাৰে পুৱা দ্বাৰ উদঘাটন কৰে ডম্বৰু চাংমায়ে ৷ ইয়াৰ পিচতেই বন্তি প্ৰজ্বলন আৰু শৰাই স্থাপন কৰা হয় । ইপিনে, ভাগৱত পাঠ কৰে ডম্বৰু চাংমাইয়ে ৷ ইয়াৰ পিচতে লগুৱাবড়া, চক্ৰপাণি হৰিনাম দলে নাম পৰিৱেশন কৰে ।
শনিবাৰে পুৱাৰে পৰা ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগনন ভক্তই হাতে হাতে নৈবদ্য লৈ ঘূগুহা দ'লত ভিৰ কৰে ৷ প্ৰত্যেক ভক্তই নিজৰ মনোবাঞ্ছা পূৰণ হোৱাৰ উদ্দেশ্যে মহাদেৱৰ আশীৰ্বাদ লয় ৷ দেওবাৰে শৰাই ভংগ আৰু প্ৰসাদ বিতৰণ আৰু ৰাজহুৱা চাউলখোৱা কাৰ্যসূচীৰে সামৰণি পৰিব মহাশিৱৰাত্ৰি মহোৎসৱৰ (Maha shivratri 2023) ৷
ইপিনে, ২২৮ বিঘা ভূমিৰে আৱৰা ঐতিহাসিক ঘূগুহা দ'লক সংৰক্ষণ আৰু সংবৰ্ধনৰ জৰিয়তে পৰ্যটনস্থলী হিচাপে গঢ় দিবলৈ পৰ্যটন বিভাগক আহ্বান জনাইছে ঘূগুহা দ'ল উন্নয়ন কমিটীয়ে ৷ উন্নয়ন কমিটীৰ বিষয়ববীয়াসকলে খেদ প্ৰকাশ কৰি কয় যে আহোমৰ ঐতিহাসিক ঠাই হাবুঙৰ পিচতে আহোমৰ স্মৃতি বিজড়িত হৈ আছে ঘূগুহা দ'লত ৷
কিন্তু এই ক্ষেত্ৰত ধেমাজি জিলা প্ৰশাসনে সৌন্দৰ্য বৰ্ধনৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত পৰ্যটকক আকৃষ্ট কৰিব পৰা নাই এই ঘূগুহা দ'লে ৷ সেয়েহে দ'ল উন্নয়ন কমিটীয়ে ধেমাজি জিলা প্ৰশাসন আৰু চৰকাৰৰ সংশ্লিষ্ট বিভাগক ঘুগুহা দ'লৰ আন্তঃগাঁথনি উন্নয়ন কৰি পৰ্যটকক আকৰ্ষিত কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ৷
লগতে পঢ়ক:ABSU press meet: মূৰ্কংচেলেক আৰু পূৰ্বাঞ্চল মহাবিদ্যালয়ত পূৰ্বৰ পৰা পাঠদান কৰি অহা বড়ো মাধ্যমৰ প্ৰৱক্তাক নিযুক্তিৰ দাবী