Maha Shivratri in Baihata: মহাদেৱৰ আশীষ বিচাৰি শিৱ নলীয়া থানত ভক্তৰ ভিৰ
🎬 Watch Now: Feature Video
বাইহাটা, ১৯ ফেব্ৰুৱাৰী: শনিবাৰে ৰাজ্যৰ আন প্ৰান্তৰ লগতে কামৰূপ জিলাতো মহাদেৱৰ বন্দনাৰে বন্দিত হয় শিৱ মন্দিৰসমূহ (Maha Shivratri Mahotsav celebrated in Assam)। মহাদেৱৰ আশীষ বিচাৰি ভক্তই ভিৰ কৰে জিলাখনৰ ভিন্ন প্ৰান্তৰ শিৱ মন্দিৰসমূহত । কামৰূপৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত এখন অলৌকিক শক্তিসম্পন্ন থান হৈছে শৌলা আঠাৰা গাঁৱৰ শিৱ নলীয়া থান । এই শিৱ নলীয়া থানখন শনিবাৰে মহাদেৱৰ বন্দনাৰে মুখৰিত হৈ পৰে । এইবেলি শিৱ নলীয়া থানত ৭৩ সংখ্যক শিৱৰাত্ৰি অনুষ্ঠিত কৰা হয় । অৱশ্য়ে এই থানখনত কেতিয়াৰে পৰা শিৱৰাত্ৰি অনুষ্ঠিত হৈ আহিছিল তাৰ কোনো সবিশেষ তথ্য নাই ।
পৰম্পৰা অনুসৰি এই শিৱ নলীয়া থানত প্ৰথমখন শৰাই মুছলমান সম্প্ৰদায়ৰ লোকসকলেহে আগবঢ়াই আহিছে (Maha Shivratri celebrated in Shiv Naliya Than)। প্ৰায় ৫০/৬০টা মুছলমান সম্প্ৰদায়ৰ পৰিয়াল জড়িত হৈ আহিছে এইখন শিৱ পূজাত (Maha Shivratri Mahotsav in Baihata)। সেয়ে হিন্দু মুছলমানৰ সম্প্ৰীতিৰ স্থল হিচাপে ৰাইজৰ মাজত চৰ্চা লাভ কৰি আহিছে । ৰাজ্যৰ ভিন্ন প্ৰান্তত পৰা ভক্ত আহে এই শিৱ নলীয়া থানলৈ । নিশা প্ৰায় দহ সহশ্ৰধিক আৰিয়াৰ প্ৰজ্বলনেৰে থানখন জিলিকি উঠে ।
জিলাখনৰ মন্দিৰসমূহত পুৱাৰে পৰাই হাতে হাতে ফুল, চাকি-ধূপ-নৈবদ্য লৈ শাৰী শাৰীকৈ ভিৰ কৰে হাজাৰ হাজাৰ ভক্তই । মহাদেৱৰ কৃপা বিচাৰি পুৱাৰে পৰাই এই মন্দিৰসমূহত আনকি এক-ডেৰ কিলোমিটাৰ দূৰৰ পৰাই অসংখ্য ভক্তই শাৰী পাতে । তেওঁলোকে গাখীৰ-পানী-ফুল-বেলপাতেৰে শিৱক আৰাধনা কৰে । বিশেষকৈ মহিলা-যুৱতীসকলে আৰাধ্য ভগৱান হিচাবে শিৱক আৰাধনা কৰিবলৈ ভিৰ কৰে ৷
প্ৰতিবছৰে ফাগুন মাহত পালন কৰি অহা শিৱৰাত্ৰিৰ এই দিনটোত মহিলা-যুৱতীসকলে নিজৰ লগতে পৰিয়ালৰ সকলোৰে মংগল কামনা কৰে । এই দিনটোতেই তেওঁলোকে উপবাসে থাকিশিৱক ত্ৰিফুল, বেলপাত আদি প্ৰদান কৰি মনৰ বাঞ্চাপূৰণৰ বাবে আৰাধনা কৰে ।