PM Modi Statue : জালুকবাৰীত প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তি স্থাপনৰ সন্দৰ্ভত লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া - সুধাকণ্ঠৰ সমাধিক্ষেত্ৰৰ সমীপত

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 2:10 PM IST

তিনিচুকীয়া, ৯ ছেপ্টেম্বৰ : জালুকবাৰীত সুধাকণ্ঠৰ সমাধিক্ষেত্ৰৰ সমীপত এগৰাকী ব্যৱসায়ীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি স্থাপনৰ সন্দৰ্ভত কাকপথাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ গগৈয়ে এই সন্দৰ্ভত কয়, ‘‘যি গৰাকী ব্যৱসায়ীয়ে প্ৰায় ২০০ কোটি টকা ব্যয় কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তিটো স্থাপন কৰিবলৈ চিন্তা কৰিছে তেওঁ কোন হয়, ক’ৰ টকা ব্যয় কৰি প্ৰতিমূৰ্তিটো স্থাপন কৰিব, সেইটো জনা দৰকাৰ’’ ৷

লগতে তেওঁ কয়, ‘‘লগতে আমি এইটো চাব লাগিব যে ব্যৱসায়ীগৰাকীয়ে সময় মতে চৰকাৰৰ কৰ কাটল দি আছে নে নাই ৷ ক’ৰবাত কিবা ফাঁকি দিছে নেকি সেইটো চাব লাগিব ৷ নে ইয়াত ব্যৱসায়ীগৰাকীক অন্য কোনোবাই তৈলমৰ্দন কৰিবৰ বাবে মূৰ্তিটো স্থাপন কৰিছে’’ ৷

লগতে পঢ়ক : PM Modi Statue: এগৰাকী অসমীয়া ব্যৱসায়ীয়ে গুৱাহাটীত স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীৰ ১৯০ ফুট উচ্চতাৰ বিশাল প্ৰতিমূৰ্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.