Lurinjyoti Gogoi Slams BJP Govt; চৰকাৰৰ প্ৰতি সৃষ্টি হোৱা ক্ষোভৰ বাবেই আলফালৈ ধাৱমান যুৱক-যুৱতী : লুৰীণজ্যোতি গগৈ - Assam youth joinning ULFA

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 10:10 AM IST

ডিব্ৰুগড়,২৯ অক্টোবৰ : "চৰকাৰৰ ভুল নীতি, চৰকাৰৰ বিৰুদ্ধে সৃষ্টি হোৱা ক্ষোভৰ বাবেই আলফা স্বাধীনলৈ গৈছে যুৱক-যুৱতী ।" আলফা স্বাধীনত যোগদান কৰা সম্পৰ্কত এইদৰে শনিবাৰে নিশা মৰাণত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্তব্য আগবঢ়াই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

অসমৰ মানুহৰ দিল্লীৰ প্ৰতি থকা খং, ক্ষোভ, চৰকাৰী যন্ত্ৰৰ শোষণ অৱহেলাৰ বাবেই যুৱক-যুৱতীসকলে গমণ কৰিছে আলফা স্বাধীনলৈ । সম অধিকাৰ, সম উন্নয়ন দিয়াৰ প্ৰয়াস নথকা বাবেই এনে ঘটনা সংঘটিত হোৱা বুলিও কয় অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ।

উল্লেখ্য যে, আলফা স্বাধীনৰ শিৱিৰত এজনৰ পাচত আন এজনক মৃত্যুদণ্ড দিয়াৰ খবৰে ৰাজ্যৰ সমাজ জীৱনত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । কিন্তু ইয়াৰ মাজতো উজনি অসমৰ বিভিন্ন জিলাৰ পৰা যুৱক-যুৱতী আলফা স্বাধীনলৈ গৈ থকাৰ খবৰ ৰাজহুৱা হৈছে ।

অসম চৰকাৰৰ লগতে অসম আৰক্ষীয়ে যুৱক-যুৱতীসকলক আলফা স্বাধীনলৈ নাযাবলৈ আহ্বান জনাই আহিছে যদিও আলফাত যোগদানৰ ধাৰা অব্যাহত আছে ।

লগতে পঢ়ক: Eli Ahmed Under Treatment : কাষত কোনো নাই, অকলশৰীয়া হৈ হাস্পতালৰ বিচনাত পৰি আছে পদ্মশ্ৰী এলি আহমেদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.