Price hike in Assam: বিজেপি চৰকাৰে এতিয়া চামুচেৰে দি বেলচা মাৰি লৈ গৈছে : লুৰীণজ্যোতি গগৈ - বিজেপি চৰকাৰে এতিয়া চামুচেৰে দি বেলচা মাৰি লৈ গৈছে

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 11:05 AM IST

ডিব্ৰুগড়, 7 অক্টোবৰ : ‘‘2016 চনত অসমত বিজেপি চৰকাৰ গঠন কৰা পাচতেই ৰাজ্যত প্ৰতিটো সামগ্ৰীৰ অভাৱনীয়ভাৱে মূল্যবৃদ্ধি হৈছে । পেট্ৰ’ল, ডিজেলৰ পৰা আদি কৰি খাদ্য সামগ্ৰীলৈকে অভাৱনীয় মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক জীয়াই থকাত সমস্যাত পেলাইছে এইখন বিজেপি চৰকাৰে । ইয়াৰ বিৰুদ্ধে জাতীয় দল-সংগঠনে তীব্ৰ প্ৰতিবাদ কৰিব লাগে ৷’’ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷

লগতে এক অসম যাত্ৰা কাৰ্যসূচীৰ মাজতেই শুকুৰবাৰে নিশা দুলীয়াজানত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত অসম জাতীয় পৰিষদ চমুকৈ অজাপৰ সভাপতিগৰাকীয়ে কয়, ‘‘ৰাইজে এতিয়া হাত সাৱটি বহি থাকিব নালাগে । সকলো ওলাই আহিব লাগে ৷ বিজেপি চৰকাৰে এতিয়া চামুচেৰে দি বেলচা মাৰি লৈ গৈছে’’ ।

লগতে পঢ়ক : Ek Asom Yatra; বিজেপিৰ বিৰুদ্ধে লোকসভাত বিৰোধী উমৈহতীয়া প্ৰাৰ্থী দিলে ভাল ফলাফল আহিব: লুৰীণজ্যোতি গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.